ফিল’বাৰী-বালিজান সংযোগী পথত যোগাযোগ বিচ্চিন্ন
ফিল’বাৰী ১০ নম্বৰ লাইনৰ মৈলা নৈৰ ওপৰৰ দলং নথকাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ। দেওবাৰে নিশা ১০ মান বজাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে নদ নদী লগতে জান জুৰি। নেৰানেপেৰা বৰষুণৰ ফলত যোগাযোগ বিচ্চিন্ন হৈ পৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু বিজুলিবন পঞ্চায়তৰ সীমান্তৰ ফিল’বাৰী ১০ নং লাইনৰ মৈলা নৈত পানী ব্যাপক ভাৱে বাঢ়ি অহাৰ বাবে ইতিমধ্য জলমগ্ন হৈ পৰাৰ ফলত সমগ্ৰ ফিল’বাৰী-বালিজান সংযোগী পথ বিচ্চিন্ন হৈ পৰিছে। উক্ত নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ আশ্বাস দি ২০২১ চনৰ নিৰ্বাচনত আগমুহুৰ্তত বিজেপি বুঢ়ীদিহিং মৌজাৰ সভাপতি ভাদেশ্বৰ মৰাণে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল,কিন্তু এটা বছৰ পাৰ হৈ যোৱা পিছতো নিৰ্মাণ নকৰিলে দলং।ফলত আজি ৰাইজে দুৰ্ভোগ ভুগিব লগিয়া হৈছে।স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে কিন্তু গুৰুত্ব নাই চৰকাৰৰ।আজি পূৱাৰ ভাগত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী সকল পথছোৱাৰ পানী জলমগ্ন হোৱাৰ ফলত ঘৰলৈ ঘুৰি যোৱাত অসুবিধা সন্মুখিন হৈছে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News