কোন দিশে আগবাঢ়িছে যুৱ প্ৰজন্ম
news desk Ne india : শনিবাৰৰ ঘটনা । স্থান দীপৰ বিল । মহানগৰীৰ উৎকট গৰমৰ পৰা গা জুৰ পেলাবলৈ মানুহে ভীৰ কৰিছে দীপৰ বিলৰ পাৰ । কণ কণ শিশুৰ পৰা ডেকা গাভৰু বয়সস্থ জনলৈ সকলোৱে সেৱন কৰিছে মুকলি বতাহ । দীপৰ বিলৰ নৈসৰ্গিক ৰুপে যেন মতলীয়া কৰিছে সকলোকে ।
কিন্ত হঠাৎ ঘটিল অঘটন । দুজনী গাভৰুক আগুৰি বিৰত্ব প্ৰদান কৰাত লাগি গল ৪ \৫ জন যুৱক । অশ্ৰাব্য গালিৰে থকা সৰকা কৰিলে গাভৰু দুগৰাকীক । ছোৱালী দুজনীৰ লগত থকা ডেকাজনকো গতিয়ালে । ডেকা তেজত বলীয়ান যুৱকৰ দলটোৱে গাভৰু দুগৰাকী প্ৰহাৰ কৰিবলৈ উদ্যত হল । মানুহ নহয় যেন এজাক হায়েনা । দীপৰ বিলত ভীৰ কৰা এজনো লোক ছোৱালী দুজনীক বচাবলৈ আগবাঢ়ি নাহিল । পথেৰে পাৰ হৈ যোৱা বাহনবোৰেও গুৰুত্ব নিদিলে । Ne india ৰ সংবাদ কৰ্মীৰ লগতে এগৰাকী টেম্পো চালকে প্ৰতিবাদ কৰিছিল যদিও , যুৱক দলটোৰ নায়ক জনে যি হাৰত আঙুলি টোৱাই চোঁ‌চা ললে , ভীত সন্ত্ৰস্ত হৈ তাতেই প্ৰতিবাদ সামৰিব লগা হল ।

ৰাজহুৱা পথত মহিলাক এনেকৈ অপমাণ কৰা , প্ৰহাৰ কৰিবলৈ সাহস কৰা এইচাম যুৱক সচায় শিক্ষিতনে ? সভ্য সমাজত বাস কৰাৰ যোগ্যনে এওলোক । যুৱতী দুগৰাকীৰ অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় , ৰাজহুৱা স্থানত এনেকৈ শ শ মানুহৰ সন্মুখত অপমান কৰাটো কিমান সমিচিন ।
ভিডিও সম্পাদনা নকৰাকৈ আগবঢ়ালো …………https://youtu.be/tjFqV3DXGO0?t=12

LEAVE A REPLY

Please enter your comment!
Please enter your name here