ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৮২ ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছক

0
104

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৮২ ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছক

সোমবাৰে আই পি এলৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৮২ ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছক।ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেটিং কৰিব আহি এ বি ডি ভিলিয়াছৰ ৭৩ ৰানৰবিস্ফোৰক ইনিংছৰ সহায়ত বেংগালুৰুৱে নাইট ৰাইডাৰ্ছৰ সন্মুখত ১৯৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
ভিলিয়াৰ্ছে মাত্ৰ ৩৩টা বলতে ৭৩ ৰানৰ বিস্ফোৰক ইনিংছটো খেলে য’ত পাঁচটা চাৰি আৰু ছয়টা বিশাল ছয় কোবায়।প্ৰত্যুত্তৰত দীনেশ কাৰ্তিক নেতৃত্বাধীন নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১১২ ৰানহে কৰিবলৈ সক্ষম হয় ।প্ৰতিযোগিতাখনত সাতখন মেচ খেলা বেংগালুৰুৰ এয়া পঞ্চম বিজয় আৰু দলটোৱে ১০ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে।
Sports Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here