ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে সাত উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক

0
70

ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে সাত উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক

ডুবাইত শনিবাৰে অনুষ্ঠিত এখন মেচত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ৰাজস্থান ৰয়েলছক সাত উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰিব আহি ১৭৭ ৰান সংগ্রহ কৰে৷ৰাজস্থানৰ হয় অ’পেনাৰ ৰবীন উথাপ্পা আৰু বেন ষ্ট’কছে ৫০ ৰান যোগ দি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ উথাপ্পাই ২২ বলত ৪১ ৰান সংগ্রহ কৰে৷ ষ্ট’কছে ১৫, সঞ্জু ছেমছনে ৯, জ’ছ বাটলাৰে ২৪ ৰানত আউট হয়৷ অধিনায়ক ষ্টিভেন স্মিথে ৫৭ ৰানৰ ইনিংছ খেলে৷
আৰ চি বিৰ হৈ দক্ষিণ আফ্রিকাৰ তাৰকা অলৰাউণ্ডাৰ ক্রিছ মৰিছে ২৬ ৰান ব্যয় কৰি ৪টা আৰু য়ুজবেন্দ্র ছাহালে ৩৪ ৰানত দুটা উইকেট দখল কৰে৷
ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ১৭৮ ৰানৰ লক্ষ্যৰ পিছ লৈ দুটা বল বাকী থকা অৱস্থাত তিনিটা উইকেটৰ বিনিময়ত জয় সাব্যস্ত কৰে৷ আৰ চি বিৰ জয়ৰ মূলতে আছিল ডি ভিলিয়ার্ছৰ আক্রমণাত্মক বেটিং৷দক্ষিণ আফ্রিকাৰ তাৰকা বেটছমেনগৰাকীয়ে মাত্র ২২ বলত ৫৫ ৰানৰ আকর্ষণীয় ইনিংছ খেলে

অ’পেনাৰ দেৱদূত পাড়িকালে ৩৫ আৰু আৰন ফিনছে ১৪ ৰানত পেভিলিয়নমুখী হয়৷ অধিনায়ক কোহলিয়ে ৪৩ ৰানৰ অৰিহণা আগবঢ়ায়৷
ৰাজস্থান ৰয়েলছৰ হৈ শ্রেয়াছ গোপাল, কার্তিক ত্যাগী আৰু ৰাহুল টেৱাটিয়াই এটাকৈ উইকেট দখল কৰে৷

এই জয়েৰে আৰ চি বিয়ে ৯খন মেচৰ পৰা পইণ্টৰ সংখ্যা ১২লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷
Sports Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here