ৰোগত আক্ৰান্ত দৰিদ্ৰ শ্ৰেণীৰ লোকক চেক বিতৰণ ডিগবৈৰ বিধায়কৰ
শনিবাৰে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ নিজা বাস গৃহৰ চৌহদত সমষ্টিটোৰ আৰ্থিক ভাৱে পিছপৰা দুৰ্বল শ্ৰেণীৰ বিভিন্ন ৰোগত আক্ৰান্ত 25 গৰাকী লোকক ১০ ৰ পৰা ২৫ হাজাৰ টকাৰ একোখনকৈ চেক বিতৰণ কৰে ডিগবৈ বিধায়ক সুৰেন ফুকনে।

উল্লেখ্য যে, বিভিন্ন ৰোগত আক্ৰান্ত বিশেষ ভাৱ দৰিদ্ৰ সিমাৰেখাৰ তলত বাস কৰা ৰোগী সকলৰ বাবে প্ৰতি বৰ্ষতে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ তৰফৰ পৰা পঞ্চাশ লক্ষাধিক টকা আগ আগবঢ়াই অহাৰ মাজেৰে আজি ডিগবৈত বিধায়ক সুৰেন ফুকনে ৩ লাখ ৮০ হাজাৰ টকাৰ চেক বিভিন্ন ৰোগত আক্ৰান্ত ২৫ গৰাকী ৰোগীৰ মাজত আনুষ্ঠানিক ভাৱে এই ধনৰ চেক বিতৰণ কৰে।
Read More –ডিগবৈত অসম দৰ্শন আঁচনিৰ নামঘৰৰ শুভ উদ্বোধন
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া ,Ne India News