ৰেলত যোগান ধৰা খাদ্য তথা ব্যাহত ৰেল যোগাযোগ পুনৰ মুকলি সন্ধৰ্ভত PRO ভট্টচাৰ্যৰে Ne india ৰ বাৰ্তালাপ 

0
1205

 

 

NE INDIA:  ২৫ আগষ্টত চন্দ্ৰপুৰৰ পানবাৰীত মালবাহী ৰেল এখন লাইনচ্যুত হৈছিল । যাৰ ফলত কেবা ঘন্টা ধৰি উজনি অসমৰ সৈতে ৰেল যোগাযোগ বিচ্চিন্ন হৈ পৰিছিল । সমালোচনাৰ সন্মুখীন হৈছিল ৰেল বিভাগ । ৰেল বিভাগক কৰা সমালোচনা সন্ধৰ্ভত নিজৰ পক্ষ ডাঙি ধৰিলে PRO নৃপেন ভট্ট্ৰচাৰ্যই । অতি খৰকতীয়া ভাৱে ৰেল পথ মুকলিৰ চেষ্টা চলাইছিল ৰেল বিভাগে । ৰেল মন্ত্ৰী তথা জেনেৰেল মেনেজাৰ সক্ৰিয় ব্যক্তি । জেনেৰেল মেনেজাৰে ঘটনাস্থলীত নিজে উপস্থিত থাকি ৰেল বিভাগৰ কামৰ তদাৰক কৰিছিল । যাৰ ফলশ্ৰুতিত কম সময়ৰ ব্যৱধানত ৰেল পথটো মুকলি হল । কিছুদিন পুৰ্বে নামনি মুৱা শতাব্দী এক্সপ্ৰেছত যাত্ৰীক ,অখাদ্য যোগান ধৰা বিযয়ক লৈ এক অপ্ৰিতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল । Ne india ই এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছিল । ৰেল বিভাগে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ ৰেল বিভাগৰ কৰ্মচাৰীক নিলম্বিত ও কৰিছিল । কিন্ত খাদ্য যোগান ধৰা প্ৰতিষ্টানটোৰ ক্ষেত্ৰত কিন্ত বিহিত ব্যৱস্থা লোৱা নাছিল । যাত্ৰীয়ে অভিযোগো দাখিল কৰিছিল বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত । এই সমগ্ৰ ঘটনা সন্ধৰ্ভত ৰেল বিভাগৰ PRO নৃপেন ভট্টচাৰ্যই Ne india ক জনালে যে , তদন্ত এতিয়াও অব্যাহত আছে । দোষী সাব্যস্থ হলে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনালে Ne india ক । লগতে ভট্টচাৰ্যই কলে , যাত্ৰীৰ যাত্ৰা আৰামদায়ক আৰু সুৰক্ষিত কৰাত ৰেল বিভাগ অংগীকাৰবদ্ধ । খাদ্যৰ ক্ষেত্ৰত যাত্ৰী সকলো সজাগ হব লাগিব , খাদ্য তালিকাৰ মুল্য অনুযায়ীহে ,দাম পৰিশোধ কৰিবলৈ আহব্বান জনালে । লগতে যোগান ধৰা খাদ্যৰ ক্ষেত্ৰত যদি কোনো ওজৰ আপত্তি থাকে তেন্তে ৰেল বিভাগৰ টোল ফ্ৰি নম্বৰত অভিযোগ প্ৰদান কৰিব পাৰে বুলি জনালে ভট্ট্ৰচাৰ্যই ।

https://youtu.be/q68ZARjN36I?t=4 

  

    

( মধুসুধন গোস্বামী , গুৱাহাটী Ne india )

LEAVE A REPLY

Please enter your comment!
Please enter your name here