ৰুষ্ট প্ৰকৃতিঃ হায়দৰাবাদত বানে প্ৰাণ ল’লে ৫০গৰাকীৰ

0
76

 

ৰুষ্ট প্ৰকৃতিঃ হায়দৰাবাদত বানে প্ৰাণ ল’লে ৫০গৰাকীৰ

সঘনাই হৈ থকা বৰষুণে ভয়ংকৰ ৰূপ লৈছে হায়দৰাবাদত ।স্তব্ধ হৈ পৰিছে জনজীৱন।তেলেংগানা, অন্ধপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰত বিগত দিনকেইটাত অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত পৰিস্থিতি অধিক উদ্বেগজনক হৈছে।
এই পৰ্যন্ত বানৰ ফলত হায়দৰাবাদত অতি কমেও ৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।
ইফালে শনিবাৰে নিশাৰে পৰা প্ৰৱল বৰষুঁণৰ ফলত সাগৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে হায়দৰাবাদত। বহুলোক বিভিন্নস্থানত আৱদ্ধ হৈ আছে।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা চাৰি দিন পৰ্যন্ত চহৰখনত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ ফলত পথসমূহত দুই ফুট উচ্চতালৈ পানী জমা হৈছে।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বানপানীৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।
বানপানীৰ কৱলত আৱদ্ধ হৈ পৰা নাগৰিক সকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনা বাহিনীৰ দল মোতায়েন কৰা হৈছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here