ৰুচ- ইউক্ৰেন যুদ্ধ ! ভাৰত- ৰাচিয়াৰ সম্পৰ্কক লৈ কি কলে আমেৰিকাই

90

ৰুচ ইউক্ৰেনৰ মাজত যুদ্ধ অব্যাহত আছে । এই যুদ্ধই ইতিমধ্যে চাৰিটা দিন অতিক্ৰম কৰিছে । ৰাচিয়াৰ সেনাই ইতিমধ্যে ইউক্ৰেনৰ ৰাজধানী  ক্ৰীৱ দখলৰ বাবে অগ্ৰসৰ হৈছে । ৰাজধানী ক্ৰীৱৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দুৰত্বত অৱস্থান কৰিছে ৰাচিয়ান সেনাই । ৰাচিয়া-ইউক্ৰেন সংঘাতৰ সময়ত ভাৰতে এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছে । আমেৰিকা নাটো আৰু ৰাচিয়াৰ এই সংঘাতৰ সময়ত ভাৰতে কুটনৈতিক বিচক্ষণতাৰ পৰিচয় ডাঙি ধৰিছে । ভাৰতে এই সংঘাতৰ সময়ত নিৰপেক্ষ ভুমিকা গ্ৰহণ কৰিছে । UNSC ত ৰাচিয়াৰ বিৰুদ্ধে নিন্দাসুচক প্ৰস্তাৱৰ সময়ত আলোচনাৰে সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি ভাৰতে বক্তব্য প্ৰদান কৰে যদিও ৰাচিয়াৰ বিৰুদ্ধে হোৱা ভোটদানৰ পৰা ভাৰত বিৰত থাকে । ২৪ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে আলোচনা কৰিছিল ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনে । আলোচনাকালত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সুকলমে দেশলৈ উভতাই অনাৰ বাবে ৰাচিয়াৰ সহযোগ বিচাৰে । ইউক্ৰেন ৰাচিয়াৰ সংঘাত আলোচনাৰে সমাধান কৰাৰ বাবে আহ্বান জনায় ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে । ৰুচ-ইউক্ৰেন সংঘাতক লৈ ভাৰতে গ্ৰহণ কৰা ভুমিকাক লৈ চৰ্চা হৈছে সমগ্ৰ বিশ্বত । ভাৰত ৰাচিয়াৰ এই বন্ধুত্বক লৈ মুখ খুলিছে আমেৰিকাই । আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত ভাৰতৰ ৰাচিয়াৰ বন্ধুত্বক লৈ আমেৰিকাৰ কোনো আপত্তি নাই বুলি প্ৰকাশ কৰিছে । ভাৰত ৰাচিয়াৰ এই বন্ধুত্বই আমেৰিকা- ভাৰতৰ সম্বন্ধত কোনো প্ৰভাৱ নেপেলায় বুলিও প্ৰকাশ কৰিছে আমেৰিকাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here