ৰুচ-ইউক্ৰেন যুদ্ধৰ ৭ম দিন ! ইউক্ৰেনৰ পৰা পলায়ন ১০ লাখ লোকৰ 

64

ৰুচ আৰু ইউক্ৰেনৰ মাজত অব্যাহত থকা যুদ্ধই ৭ দিন অতিক্ৰম কৰিলে । মিচাইল , টেংক, ড্ৰোণেৰে ৰাচিয়াই তীব্ৰ আক্ৰমণ চলাই গৈছে ইউক্ৰেনৰ ওপৰত । ৰাচিয়াৰ এই আক্ৰমণত ধ্বংস হৈছে খাৰকীৱ , কীৱ চহৰৰ চৰকাৰী কাৰ্যলয় , শিক্ষানুস্থান , বসতি অঞ্চল । জনশূন্য হৈ পৰিছে চহৰ সমুহৰ বাটপথ ।বিগত ২৪ ফেব্ৰুৱাৰীত ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল । তাৰপিচতেই ৰাচিয়ান সেনাই তীব্ৰ আক্ৰমণ চলায় ইউক্ৰেনৰ বিভিন্ন চহৰত । এই আক্ৰমণ বৰ্তমানেও অব্যাহত আছে । ৰাচিয়াৰ সেনাই ইউক্ৰেনৰ ৰাজধানী কীৱত আক্ৰমণ অব্যাহত ৰাখিছে যদিও , বৰ্তমানেও কীৱ চহৰ নিজ দখললৈ নিবলৈ সক্ষম হোৱা নাই পুটিনৰ সেনাই । ইয়াৰ লগতে ইউক্ৰেনৰ ঐতিহাসিক চহৰ খাৰকীৱটো ৰুচ সেনাই আক্ৰমণ অব্যাহত ৰাখিছে যদিও এই চহৰখনো সম্পুৰ্ণ ভাৱে নিজ দখললৈ নিবলৈ সক্ষম হোৱা নাই ৰাচিয়াৰ সেনাই । কিন্ত ইতিমধ্যে ৰাচিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেনৰ খাৰচীন। মাইকলোৱ , ওডেচা আদি চহৰ । যুদ্ধত হোৱা ক্ষয়ক্ষতিক লৈ দুয়োখন দেশেই বিভিন্ন দাবী উথাপন কৰি আহিছে । ইউক্ৰেনৰ ৰাষ্ট্ৰপতি বোলোদমিৰ জেলেনস্কীয়ে দাবী কৰিছে এই যুদ্ধত ইউক্ৰেনৰ সেনাই ৯ হেজাৰ ৰাচিয়াৰ সেনাক হত্যা কৰিছে । আনহাতে ৰাচিয়াৰ ৰক্ষা মন্ত্ৰালয়ে দাবী কৰা অনুসৰি ইউক্ৰেনৰ বিৰুদ্ধে হোৱা যুদ্ধত ৰাচিয়াৰ ৪৯৮ সৈনিক নিহত হৈছে আৰু ১৫৯৭ গৰাকী সৈনিক আহত হৈছে । যুদ্ধই সৰ্বশ্ৰান্ত কৰিছে ইউক্ৰেনক । জনজীৱণ ব্যহত হৈছে । ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ৭ টা দিনত ইউক্ৰেনৰ পৰা ১০ লাখ পলায়ন কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ সমুহলৈ । 
International Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here