ৰিয়ানৰ পিছত এইবাৰ বিহু নাচিলে ইংৰাজ ক্রিকেটাৰ জ’ফ্রা আর্চাৰে

0
113

ৰিয়ানৰ পিছত এইবাৰ বিহু নাচিলে ইংৰাজ ক্রিকেটাৰ জ’ফ্রা আর্চাৰে

অসমৰ বিহুনৃত্যৰ প্রেমত পৰিছে ইংলেণ্ড ক্রিকেট দলটোৰ তাৰকা পেচবলাৰ জ’ফ্রা আর্চাৰ৷
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগত সম্প্রতি জনপ্রিয় হৈ পৰা অসমৰ বিহুনৃত্যত নাচি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ইংলেণ্ডৰ বলাৰগৰাকীয়ে৷

এখন খেলত অসমৰ খেলুৱৈ ৰিয়ান পৰাগে জয়লাভ কৰাৰ পিছতে নাচিছিল বিহু। খেলখনত দুটা বলত দুই ৰান প্ৰয়োজন হোৱাৰ সময়তে ছিক্সাৰ মাৰি দলক জয়ী কৰাই ৰিয়ানে আনন্দতে খেলপথাৰত নাচিছিল বিহু। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।
তাৰ পাছতে জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ দিল্লী কেপিটেলছৰ অ’পেনাৰ পৃথ্বি শ্বক পেভিলিয়নমুখী কৰি বিহুনৃত্য কৰে ৰাজস্থান ৰয়েলছ তাৰকা পেচবলাৰ জ’ফ্রা আর্চাৰে৷
জ’ফ্রা আর্চাৰে বিহু নচা ভিডিঅ’টো শ্বেয়াৰ কৰিছে আইপিএলৰ টুইটাৰ হেণ্ডেলত।

 আর্চাৰৰ বিহুনৃত্যত সহযোগ কৰে অসমৰ ৰিয়ান পৰাগেও৷ ৰিয়ান পৰাগ আৰু জ’ফ্রা আর্চাৰৰ এই বিহুনৃত্যত যোগ্য সহযোগ আগবঢ়ায় আই পি এলৰ নতুন চাঞ্চল্য ৰাহুল টেৱাটিয়াই৷

ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয়ত ৰিয়ানক সহযোগ আগবঢ়োৱা ৰাহুল টেৱাটিয়াকো অসম সন্তানে মেচৰ অন্তত বিহুনৃত্য শিকোৱা দেখা গৈছিল৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here