ৰিপাব্লিকসহ কেইবাটাও টিভি চেনেললৈ ন্যায়ালয়ৰ জাননী

0
253

ৰিপাব্লিকসহ কেইবাটাও টিভি চেনেললৈ ন্যায়ালয়ৰ জাননী

দিল্লী উচ্চ ন্যায়লয়ে বলীউডৰ ৩৪গৰাকী বলীউড প্ৰযোজকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সকলো পক্ষকে জাননী জাৰি কৰিছে।কোনোধৰণৰ মান হানিকৰ বা-বাতৰি এই চেনেলসমূহ তথা তেওঁলোকৰ ছ’চিয়েল মিডিয়াত যাতে প্ৰচাৰ নহয় সেয়া নিশ্চিত কৰিবলৈও চেনেলকেইটালৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।
ৰিপাব্লিক টিভি, টাইমছ নাওৰ দৰে চেনেল আৰু অৰ্ণৱ গোস্বামী আৰু নৱিকা কুমাৰৰ দৰে সম্পাদকলৈও জাননী জাৰি কৰে ন্যায়ালয়ে।
প্ৰযোজক সকলে এমাহ আগতে দিল্লী উচ্চ আদালতত এখন আবেদন দাখিল কৰিছিল যে কিছুমান সংবাদ মাধ্যমে ভুল প্ৰতিবেদন দাখিল কৰি আহিছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here