ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ

13

ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আটক কৰিছে দিল্লী আৰক্ষীয়ে । ৰাজধানী দিল্লীৰ বিজয় চকৰ আটক ৰাহুল গান্ধীক । মঙলবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীক দ্বিতীয় বাৰৰ বাবে ED য়ে জেৰা অব্যাহত ৰাখিছে । ইয়াৰ বিৰোধত কংগ্ৰেছ দলে আজি দিল্লীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । ED ৰ জেৰাৰ বিৰোধ কৰি কংগ্ৰেছী সাংসদ সকলে সংসদ ভৱনৰ চৌহদৰ পৰা বিজয় চকলৈ ৰেলী উলিয়াইছিল । এই ৰেলীত অংশ লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।
প্ৰথমে এই ধৰ্ণা, ৰেলীক বাধা প্ৰদান কৰে দিল্লী আৰক্ষীয়ে । তাৰপিচতে ৰাহুল গান্ধী সহ কেবাগৰাকীও সাংসদক আটক কৰে আৰক্ষীয়ে ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here