মঙ্গলবাৰে তিনিচুকীয়া মানব কল্যান পূজা ভৱনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এখন গুৰুত্বপূৰ্ণ সভাত সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ৰংধিৰ কুমাৰ আৰু সাধাৰণ সম্পাদক চন্দ্বীপ কুমাৰে মানৱ অধিকাৰ ওপৰত বহু মূল্য বান বক্তব্য আগবঢ়াই। উপস্থিত থকা ৰাজ্যিক সভাপতি নিশান্ত থাৰদ ও তিনিচুকীয়াত কৰা কিছু কামৰ খতিয়ান দাঙি ধৰে ।আজিৰ সভাত তিনিচুকীয়া ৰ সচেতন নাগৰিক ৰ লগতে গন্য মান্য ব্যক্তি সকল উপস্থিত আছিল ।উল্লেখযোগ্য যে , আজিৰ সভাত বহু গুৰুত্বপূৰ্ণ সমস্যা ৰ ওপৰত আলোচনা কৰা হয় ।বিশেষ কৈ অসমৰ চাহ বাগিচা সমূহত কৰ্মৰত শ্ৰমিকৰ চাহ পানী খোৱা প্ৰথাটো লাহে লাহে বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাব বুলি উক্ত সভাৰ দ্বাৰা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
উক্ত সভাৰ অন্তত সমাজিক ক্ষেত্ৰখনত অৰিহণা যোগোৱা ব্যক্তিৰ লগতে মানৱ অধিকাৰৰ কৰ্মী আৰু মানৱ অধিকাৰ সৈতে জড়িত সাংবাদিকক মান পত্ৰ ,পুৰস্কাৰৰে সন্মানিত কৰে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News