ৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা

15

ৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা

২৬৮ খৃষ্টপূৰ্বত মগধৰ পৰা এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ আয়োজন চলিছিল। তাৰ উদ্যোগ লৈছিল মৌৰ্য্য বংশৰ মহাৰাজ বিন্দুসাৰৰ পুত্ৰ অশোকে। যুদ্ধ কৌশলত পৃথিৱীৰ অদ্বিতীয় অশোকে ২৬০ খৃষ্টপূৰ্বৰ ভিতৰত মগধক সাধাৰণ এখন দেশৰ পৰা এক বিশাল সাম্ৰাজ্যত পৰিণত কৰিছিল। পশ্চিমে বৰ্তমানৰ আফগানিস্তান পৰা পূৱলৈ বাংলাদেশ পৰ্যন্ত আৰু দক্ষিণে তামিলনাডু- কেৰেলাক সামৰি এই বিশাল ভূখণ্ডত তেওঁৰ আধিপত্য অব্যাহত ৰাখিছিল ২৩২ খৃষ্টপূৰ্বলৈ। ২৬০ খৃষ্টপূৰ্বত কলিঙ্গৰ যুদ্ধত হোৱা ৰক্তপাতে হিংসাৰ প্ৰতি ঘৃণাৰ উন্মেষ ঘটাই তেওঁৰ অন্তৰ উজলাই তুলিছিল প্ৰেমৰ জ্যোতিৰে। তাৰ পিছৰে পৰা তেওঁ প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যক জ্ঞান, গৰিমা, শক্তি, সাহস আৰু সমৃদ্ধিৰে প্ৰায় ৩৬ বছৰ প্ৰতিপালন কৰিছিল। ভাৰতৰ ইতিহাসত সেই সোণালী যুগৰ স্বাক্ষৰ হয়তো পৃথিৱীৰ ক’তো বিচাৰি পোৱা নায়াব। তেওঁৰ সিংহ বিক্ৰম ভাৰতৰ চৌদিশে প্ৰচাৰিত হৈছিল আৰু তেওঁৰ সিংহ বিক্ৰমৰ পৰিচয় – চাৰিদিশে মুখ কৰি থকা চাৰিটা সিংহই প্ৰকাশ কৰিছিল সাৰনাথত প্ৰতিষ্ঠা কৰা স্তম্ভশিলাৰ মাধ্যমত ।
স্তম্ভশিলাত খোদিত সিংহ কেইটাৰ মাজত প্ৰকাশ কৰা হৈছিল শক্তি, সাহস, বিশ্বাস আৰু গৌৰৱ ( Power, Courage, Confidence and Pride.)। তাৰ তলত থকা হাতীৰ মাজত প্ৰকাশ পাইছে সিদ্ধাৰ্থ মাকৰ গৰ্ভৱত প্ৰবেশ কৰা বুদ্ধৰ জন্মৰ সময়ৰ সপোনৰ কাহিনী। ষাড় গৰুটোৱে বুদ্ধৰ জন্ম ৰাশি বৃষক প্ৰতিনিধিত্ব কৰে। সিদ্ধাৰ্থই ৰাজভৱন ত্যাগ কৰাৰ সময়ত উঠি যোৱা ঘোঁৰাটোৱে এক বিশেষ অৰ্থ বহন কৰিছে। সিংহ হৈছে শৌৰ্য্য আৰু বীৰত্বৰ প্ৰতীক। চক্ৰটোৱে প্ৰতিনিধিত্ব কৰিছে সময়ৰ অপ্ৰতিৰোধ্য গতিক।
অশোকৰ ৰাজধানীত প্ৰতিষ্ঠা কৰা ছয়টা স্তম্ভত জন্তুৰ প্ৰতীক সন্নিৱিষ্ট কৰা হৈছে আৰু উনৈশটা স্তম্ভশিলাত খোদিত কৰা হৈছে বিভিন্ন ধৰ্ম উপদেশ। স্তম্ভশিলাৰ উচ্চতা ৪০ ৰ পৰা ৫০ ফুট ওখ আৰু তাৰ ওজন প্ৰায় ৫০টন। শিলবোৰ সংগ্ৰহ কৰা হৈছিল চূনাৰ আৰু মথুৰাৰ নিকটৱৰ্তী স্থানৰ পৰা।
স্তম্ভশিলাত লিখা দেৱনাগৰী লিপিৰ ‘সত্যমেৱ জয়তে’ গ্ৰহণ কৰা হৈছে মুণ্ডক উপনিষদৰ পৰা। “সত্যমেব জয়তে” ভাৰতৰ ৰাষ্ট্ৰীয় নীতি-কথা। ১৯১৮ চনত পণ্ডিত মদন মোহন মালব্য ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত এই আপ্তবাক্য শাৰী জাতীয় জাতীয় প্ৰেক্ষাপটত গুৰুত্ব প্ৰদান কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ সৈতে সংপৃক্ত কৰা হয়। মুণ্ডক উপনিষদৰ সম্পূৰ্ণ শ্লোকটো হৈছেঃ

” সত্যমেব জয়তে নানৃতং সত্যেন পন্থা বিততো দেবযানঃ।
যেনাক্রমন্ত্যৃষয়ো হ্যাপ্তকামা যত্র তৎ সত্যস্য পরমং নিধানম্‌।।

(सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्।।)
অৰ্থাৎ,
সত্যৰ জয় অৱশ্যম্ভাৱী, মিছাৰ নহয়। দেৱগণৰ মাৰ্গও সত্যৰ দ্বাৰা পৰিচালিত। ধৰ্মৰ বিস্তাৰ সত্যৰ দ্বাৰাই হয়। সত্যৰ মাজেৰে পৰম ব্ৰহ্মৰ প্ৰাপ্তি ঘটে।

থুলমূলকৈ এই খিনিয়েই ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ মূল কথা।
স্বাধীনতাৰ পাছত ভাৰত ৰাষ্ট্ৰৰ বাবে ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই চিহ্ন ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হয়। ভাৰতৰ সংবিধানত স্থান দিয়াৰ লগতে সকলো চৰকাৰী নথিপত্ৰত এই চিহ্ন ব্যৱহাৰ কৰাৰ নিয়ম বলবৎ কৰা হয়। ইয়াৰ ব্যক্তিগত আইন বিৰুদ্ধ।
ভাৰতৰ নতুন সংসদ ভৱনৰ ওপৰত নতুনকৈ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক স্থাপনৰ কাম হাতত লোৱা হৈছিল। ব্ৰঞ্জেৰে তৈয়াৰ কৰা এই প্ৰতীকটো চাৰে ছয় মিটাৰ ওখ আৰু ওজন চাৰে ন কুইন্টল। ৩৩ মিটাৰ ওখত ইয়াক স্থাপন কৰা হৈছে। যোৱা ১১ জুলাইত এই প্ৰতীকটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ঘাটন কৰে। তাৰ লগে লগে বিভিন্ন বিতৰ্কও আৰম্ভ হৈছে।
প্ৰশ্ন উঠিছে – সংসদৰ আটাইতকৈ সন্মানীয় ব্যক্তি হৈছে অধ্যক্ষ। অধ্যক্ষক ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন উদ্ঘাটন কৰিবলৈ নিদি প্ৰধানমন্ত্ৰীয়ে কিয় কৰিলে? তাৰ পিছৰ প্ৰশ্ন হৈছে – বিৰোধী দলৰ কোনো সদস্যক কিয় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নহ’ল?
আটাইতকৈ ডাঙৰ অভিযোগ উঠিছে – স্তম্ভটোত থকা সিঁহতকেইটাৰ অস্তিত্ব সম্পৰ্কে। বহুতৰ মতে সিংহ কেইটাৰ ৰূপ অধিক ভয়ংকৰ দেখা গৈছে (“aggressive and disproportionate”)। দাঁতবোৰ অধিক চোকা হৈছে। পূৰ্বৰ সাৰনাথৰ মূল মূৰ্তিত থকা সিংহ কেইটাৰ অভিব্যক্তি শান্ত। ভাৰতৰ মানসিকতা হিংস্ৰ নহয়।গতিকে সাৰনাথৰ মূল মূৰ্তিত থকা সিংহ কেইটাৰ পৰা বৰ্তমানৰ প্ৰতীকটো বিকৃত কৰা হৈছে। এই দাবী বিভিন্ন বিৰোধী নেতাৰ । তাৰ বিপৰীতে চৰকাৰ তথা, বিজেপি দলৰ ফালৰ পৰা সেই কথা খণ্ডন কৰা হৈছে। পূৰ্বৰ মূৰ্তিৰ টু-ডাইমেনচনেল আৰু বৰ্তমানৰ মূৰ্তিৰ থ্ৰী-ডাইমেনচনেল অৱধাৰণা ডাঙি ধৰা হৈছে। তাৰোপৰি মূৰ্তিটোৰ উচ্চতাৰ কথাও উল্লেখ কৰা হৈছে।
ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰিব নোৱাৰে বুলি সংবিধানত কঠোৰ নিৰ্দেশ দিয়া আছে। তথাপি চৰকাৰে কৰা বিকৃতকৰণৰ ওপৰত ব্যৱস্থা হ’ব লাগে বুলি বিভিন্ন বিৰোধী নেতাই দাবী উত্থাপন কৰিছে ।
এতিয়া প্ৰশ্ন হ’ল – সংবিধানৰ কঠোৰ নিৰ্দেশ থকা সত্বেও চৰকাৰে কিয় সেই নিৰ্দেশ আওকাণ কৰিলে? চৰকাৰৰ ওপৰত আইনী ব্যৱস্থা হ’ব নে? চৰকাৰে জানি-বুজি কিয় ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰিলে? যদি কৰা নাই, তেন্তে চৰকাৰে প্ৰতিটো আৰোপৰেই সমূচিত উত্তৰ ৰাজহুৱা ভাৱে দিয়া উচিত। যদি বিকৃতকৰণ হৈছে, সেয়া দেশৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়। আজি কাৰোবাৰ হাতত শক্তি আছে, তেওঁ যি ইচ্ছা তাকে কৰিছে। কাইলৈ কাৰোবাৰ হাতলৈ শক্তি যাব, তেৱোঁ যি ইচ্ছা কৰিব। অৱশেষত গৈ ই এটা উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে বিষয়টোৰ সত্যাসত্য বিচাৰ হোৱা উচিত।
তাৰ বিপৰীতে, কিছুসংখ্যক লোকৰ প্ৰসন্নতা দেখা যায়। সিংহ চাৰিটাৰ আক্ৰমণাত্মক ৰূপৰ সমৰ্থনত তেওঁলোকৰ কথা হৈছে – সিংহ মানেই ভয়ংকৰ আৰু আক্ৰমণাত্মক।
“মণিনা ভূষিতঃ সৰ্পঃ কিমসৌ ন ভয়ংকৰঃ।”
(নীতি শতেক শ্লোকঃ)

মণিৰ দ্বাৰা বিভূষিত হ’লেও সাপৰ ভয়ংকৰ ৰূপ নকমে।
বৰ্তমান ভাৰতবৰ্ষ ১৯৫০ চনৰ অবস্থাত নাই। বৰ্তমানৰ ভাৰতে শক্তি, সাহস, আত্মবিশ্বাস আৰু গৌৰৱত হিৰণ্ময়ী ৰূপ ধাৰণ কৰিছে। তাৰ প্ৰভাৱ পৃথিৱীৰ বিভিন্ন দেশত দেখা গৈছে। দুখন শত্ৰু ৰাষ্ট্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি কৰি আহিছে যদিয়ো তাৰ মাজেৰে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী বিশ্ব-নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বৰ্তমানৰ পৃথিৱীত শক্তিৰ যি অৰিয়াঅৰি সেই ফালৰ পৰা চাবলৈ গ’লে ভাৰতে নিজৰ স্থিতি সগৌৰৱে ঘোষণা কৰিবলৈ সিংহ গৰ্জন কৰা আৱশ্যক হৈ পৰিছে। তাৰ প্ৰতীক ৰূপে যদি সিংহকেইটাই আক্ৰমণাত্মক হৈ আন দেশক হুংকাৰ দিয়ে, তাত ভাবিব লগীয়া একো নাই। বৰঞ্চ ভাৰতীয় হিচাপে তাত গৌৰৱ অনুভৱ কৰা উচিত। সিংহ সদায়েই ভয়ানক। হিংস্ৰতা আৰু ক্ৰুৰতা অবিহনে সিংহৰ অস্তিত্ব অৰ্থহীন। আজি বিশ্বসংঘত ভাৰতৰ যি স্থান, তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় প্ৰতীকটো যথেষ্ট অৰ্থবহ।
ভাৰতত বৰ্তমান সুস্থ ৰাজনীতিৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। এচাম হূলস্থুলকাৰীৰ নেতাৰ যি কোনো কথাতে সীমাবদ্ধ হৈ পৰিছে সংবিধান আৰু মানৱ অধিকাৰ। তেওঁলোকে চৰকাৰৰ সকলো কথাতে মাত নামাতিলে ভীষণ অসুস্থতাবোধ কৰে। সেয়ে তেওঁলোকে চৰকাৰে কৰা যিকোনো কামৰে বিৰোধীতা কৰিবলৈ প্ৰস্তুত হৈ থাকে।
আমি আশা ৰাখিম, নেচনেল এম্বেমৰ নতুন সংস্কৰণত যদি কোনো খুট নাই, যদি চৰকাৰ সঠিক ঠাইত আছে, তেন্তে তাক প্ৰতিপন্ন কৰি সমালোচনা কৰা সকলৰ প্ৰতি কঠোৰ হওক। যদি চৰকাৰে তাত অনাৱশ্যক পৰিবৰ্তন কৰিছে, তাক স্বীকাৰ কৰি সংশোধন কৰক। অনাবশ্যক বিবাদে দেশৰ সময় আৰু শক্তি নাশ কৰে। এনেকুৱা বিতৰ্ক বাঞ্চনীয় নহয় ।

ড০ আৰ কে বেজবৰুৱা

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here