Monday, November 28, 2022
HomeAssameseৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা

ৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা

ৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা

২৬৮ খৃষ্টপূৰ্বৰ পৰা ২৩২ খৃষ্টপূৰ্বল়ৈ মগধৰ পৰা এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা সম্ৰাট জনেই আছিল মহান অশোক।

কলিঙ্গৰ যুদ্ধত হোৱা ৰক্তপাতে হিংসাৰ প্ৰতি ঘৃণাৰ উন্মেষ ঘটাই তেওঁৰ অন্তৰ উজলাই তুলিছিল প্ৰেমৰ জ্যোতিৰে। কিন্তু তেওঁ প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যক জ্ঞান, গৰিমা, শক্তি, সাহস আৰু সমৃদ্ধিৰে প্ৰায় ৩৬ বছৰ প্ৰতিপালন কৰিছিল।

ভাৰতৰ ইতিহাসত সেই সোণালী যুগৰ স্বাক্ষৰ হয়তো পৃথিৱীৰ ক’তো বিচাৰি পোৱা নায়াব। তেওঁৰ সিংহ বিক্ৰম ভাৰতৰ চৌদিশে প্ৰচাৰিত হৈছিল আৰু তেওঁৰ সিংহ বিক্ৰমৰ পৰিচয় – চাৰিদিশে মুখ কৰি থকা চাৰিটা সিংহই প্ৰকাশ কৰিছিল সাৰনাথত প্ৰতিষ্ঠা কৰা স্তম্ভশিলাত।

স্তম্ভশিলাত খোদিত সিংহ কেইটাৰ মাজত প্ৰকাশ কৰা হৈছিল শক্তি, সাহস, বিশ্বাস আৰু গৌৰৱ( power, courage, confidence and pride.)। তাৰ তলত থকা হাতীৰ মাজত প্ৰকাশ পাইছে সিদ্ধাৰ্থ মাকৰ গৰ্ভৱত প্ৰবেশ কৰা বুদ্ধৰ জন্মৰ সময়ৰ সপোনৰ কাহিনী।

ষাড় গৰুটোৱে বুদ্ধৰ জন্ম ৰাশি বৃষক প্ৰতিনিধিত্ব কৰে। সিদ্ধাৰ্থই ৰাজভৱন ত্যাগ কৰাৰ সময়ত উঠি যোৱা ঘোঁৰাটোয়ো এক বিশেষ স্থান অধিকাৰ কৰিছে। আৰু সিংহ হৈছে শৌৰ্য্যৰ প্ৰতীক। চক্ৰটোৱে প্ৰতিনিধিত্ব কৰিছে সময়ৰ অপ্ৰতিৰোধ্য গতিক।

অশোকৰ ৰাজধানীত প্ৰতিষ্ঠা কৰা ছয়টা স্তম্ভত জন্তুৰ প্ৰতীক সন্নিৱিষ্ট কৰা হৈছে আৰু উনৈশটা স্তম্ভশিলাত খোদিত কৰা হৈছে বিভিন্ন ধৰ্ম উপদেশ।

স্তম্ভশিলাৰ উচ্চতা ৪০ ৰ পৰা ৫০ ফুট ওখ আৰু তাৰ ওজন প্ৰায় ৫০টন। শিলবোৰ সংগ্ৰহ কৰা হৈছিল চূনাৰ আৰু মথুৰাৰ নিকটৱৰ্তী স্থানৰ পৰা।

স্তম্ভশিলাত লিখা দেৱনাগৰী লিপিৰ ‘সত্যমেৱ জয়তে’ গ্ৰহণ কৰা হৈছে মুণ্ডক উপনিষদৰ পৰা। থুলমূলকৈ ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্নৰ বিষয়ে এইখিনিয়েই মূল কথা।

স্বাধীনতাৰ পাছত ভাৰত ৰাষ্ট্ৰৰ বাবে ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই চিহ্ন ৰাষ্ট্ৰীয় চিহ্ন ৰূপে গ্ৰহণ কৰা হয়। ভাৰতৰ সংবিধানত স্থান দিয়াৰ লগতে সকলো চৰকাৰী নথিপত্ৰত এই চিহ্ন ব্যৱহাৰ কৰাৰ নিয়ম বলবৎ কৰা হয়।

ভাৰতৰ নতুন সংসদ ভৱনৰ ওপৰত নতুনকৈ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক স্থাপনৰ কাম হাতত লোৱা হৈছিল। ব্ৰঞ্জেৰে তৈয়াৰ কৰা প্ৰতীকটো চাৰে ছয় মিটাৰ ওখ আৰু ওজন চাৰে ন কুইন্টল।

৩৩ মিটাৰ ওখত ইয়াক স্থাপন কৰা হৈছে। যোৱা ১১ জুলাইত এই প্ৰতীকটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ঘাটন কৰে। তাৰ লগে লগে বিভিন্ন বিতৰ্কও আৰম্ভ হৈছে।

প্ৰশ্ন উঠিছে – সংসদৰ আটাইতকৈ সন্মানীয় ব্যক্তি হৈছে অধ্যক্ষ। অধ্যক্ষক ৰাষ্ট্ৰীয় চিহ্ন উদ্ঘাটন কৰিবলৈ নিদি প্ৰধানমন্ত্ৰীয়ে কিয় কৰিলে? তাৰ পিছৰ প্ৰশ্ন – বিৰোধী দলৰ কোনো সদস্যক কিয় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নহ’ল?

আটাইতকৈ ডাঙৰ অভিযোগ উঠিছে – স্তম্ভটোত থকা সিংহকেইটাক অধিক ভয়ংকৰ ৰূপত প্ৰস্তুত কৰা হৈছে। দাঁতবোৰ চোকা হৈছে।

পূৰ্বৰ সাৰনাথৰ মূল মূৰ্তিৰ পৰা বিকৃত কৰা হৈছে। এই কথা বিভিন্ন বিৰোধী নেতাই উত্থাপন কৰিছে। তাৰ বিপৰীতে চৰকাৰ তথা, বিজেপি দলৰ পৰা সেই কথাবোৰ প্ৰত্যাখ্যান কৰা হৈছে।

টু ডাইমেনচনেল আৰু থ্ৰী ডাইমেনচনেল অৱধাৰণা ডাঙি ধৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰিব নোৱাৰে বুলি সংবিধানত কঠোৰ নিৰ্দেশ দিয়া আছে। তথাপি চৰকাৰে কৰা বিকৃতকৰণৰ ওপৰত ব্যৱস্থা হ’ব লাগে বুলি দাবী উত্থাপন কৰা হৈছে।

এতিয়া প্ৰশ্ন হ’ল – সংবিধানৰ কঠোৰ নিৰ্দেশ থকা সত্বেও চৰকাৰে কিয় সেই নিৰ্দেশ আওকাণ কৰিলে? চৰকাৰৰ ওপৰত আইনী ব্যৱস্থা হ’ব নে নহয়? চৰকাৰে জানি-বুজি কিয় ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰিলে? যদি কৰা নাই, তেন্তে চৰকাৰে প্ৰতিটো আৰোপৰেই সমূচিত উত্তৰ ৰাজহুৱা ভাৱে দিয়া উচিত।

এটা কথাত কিছুসংখ্যক লোকৰ প্ৰসন্নতা দেখা যায়। সিংহ চাৰিটাৰ আক্ৰমণাত্মক ৰূপৰ সমৰ্থনত তেওঁলোকৰ কথা হৈছে – বৰ্তমান ভাৰতত ১৯৫০ চনৰ অবস্থাত নাই। ভাৰতৰ শক্তি, সাহস, আত্মবিশ্বাস আৰু গৌৰৱ পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিছে।

দুয়োখন শত্ৰু ৰাষ্ট্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি কৰি আহিছে যদিয়ো তাৰ মাজেৰে প্ৰধান মন্ত্ৰী মোডী বিশ্ব-নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

সেই ফালৰ পৰা চাবলৈ গ’লে ভাৰতে নিজৰ স্থিতি সগৌৰৱে ঘোষণা কৰিবলৈ সিংহ গৰ্জন কৰা আৱশ্যক হৈ পৰিছে। তাৰ প্ৰতীক ৰূপে যদি সিংহকেইটাই আক্ৰমণাত্মক হৈ আন দেশক হুংকাৰ দিয়ে, তাত ভাবিব লগীয়া কি আছে?

তাৰোপৰি, সিংহ সদায়েই ভয়ানক। হিংস্ৰতা আৰু ক্ৰুৰতা অবিহনে সিংহ অস্তিত্ব অৰ্থহীন। আজি বিশ্বসংঘত ভাৰতৰ যি স্থান, তাক ৰাষ্ট্ৰীয় চিহ্ন যথেষ্ট অৰ্থবহ।

ভাৰতত বৰ্তমান এচাম হূলস্থুলকাৰীৰ সৃষ্টি হৈছে। কেইটামান ৰাজনৈতিক পাৰ্টিৰ নেতাই সকলো কথাতে মাত নামাতিলে ভীষণ অসুস্থতাবোধ কৰে।

তাৰ বাবে তেওঁলোকে চৰকাৰে কৰা যিকোনো কামৰে বিৰোধীতা কৰিবলৈ প্ৰস্তুত হৈ থাকে। যদি চৰকাৰ সঠিক ঠাইত আছে, তেন্তে কঠোৰ হোৱা বাঞ্চনীয়।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments