ৰাষ্ট্ৰসংঘত আজি ভাৰতৰ অগ্নিপৰীক্ষা ! ৰাচিয়াক সমৰ্থন দিব নে কৰিব বিৰোধ

52

ৰাচিয়া-ইউক্ৰেনৰ সংঘাতক ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে পৰীক্ষা মাজেৰে পাৰ হৈ আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । কিন্ত ৰাষ্ট্ৰসংঘৰ মজিয়াত বৃহস্পতিবাৰে অগ্নিপৰীক্ষাৰ সন্মুখীন হব । ৪৭ সদস্য বিশিষ্ট ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত আজি আমেৰিকাই ৰাচিয়াৰ বিৰুদ্ধে এক প্ৰস্তাৱ আনিব । মানৱাধিকাৰ পৰিষদৰ পৰা ৰাচিয়াৰ সদস্যপদ খাৰিজ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিব আমেৰিকাই । আমেৰিকাৰ এই প্ৰস্তাৱৰ ওপৰত আজি ভোট গ্ৰহণ হব । ভাৰতে যদি এই ভোটগ্ৰহণত অনুপস্থিতো থাকে তথাপি এই অনুপস্থিতিয়ে ৰাচিয়া বিৰোধ কৰা সুচাব । কাৰণ ৰাচিয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে , মানৱাধিকাৰ পৰিষদত অনুষ্ঠিত হব লগা ভোটগ্ৰহণত অনুপস্থিত থকা সকলকো ৰাচিয়াই বিৰোধী বুলি গণ্য কৰিব । আনহাতে ভোটিং ত উপস্থিত থাকি ৰাচিয়াৰ সপক্ষে ভোট দিলেও আমেৰিকাক শত্ৰুতা কৰা সুচাব । ইয়াৰ পুৰ্বে ৰাচিয়াৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱৰ ভোটিং ত ভাৰত থাকিছিল । কিন্ত এইবাৰ পৰিস্থিতি ভিন্ন । আজিৰ ভোটিং ত অনুপস্থিত থাকিলে লাভ পশ্চিমী ৰাষ্ট্ৰসমুহ তথা আমেৰিকাৰ । সেয়ে ৰাচিয়াই প্ৰথমেই ঘোষণা কৰিছে মানৱাধিকাৰ পৰিষদৰ ভোটিংত অনুপস্থিত থকা সকলকো ৰাচিয়াই শত্ৰু বুলি গণ্য কৰিব । ভাৰতে আজিৰ এই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ কি ৰণনীতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here