Sunday, March 26, 2023
HomeAssameseৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল NDA ৰ প্ৰাৰ্থী দ্ৰোপদী...

ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল NDA ৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল NDA ৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ

NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৱে আজি দাখিল কৰিলে মনোনয়ন প্ৰত্ৰ । মনোনয়ন পত্ৰ দাখিল কৰা সময়ত দ্ৰোপদী মুৰ্মুক সংগ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ , গৃহমন্ত্ৰী অমিত শ্বাহ সহ বিজেপি বহু জ্যেষ্ট নেতা । মনোনয়ন পত্ৰ দাখিলৰ সময়ত NDA ৰ সহযোগী দলসমুহৰ একতা পৰিলক্ষিত হয় । উপস্থিত থাকে NDA ৰ সহযোগী দল সমুহৰ বহু কেইগৰাকী নেতা ।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মু মনোনয়নৰ ৪ টা চেট দাখিল কৰিব । প্ৰথম মনোনয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰস্তাৱক আৰু ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ সমৰ্থক হিচাপে আছে । দ্ৰোপদী মুৰ্মুয়ে সংসদ ভৱনৰ কক্ষত বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী সকলক সাক্ষাৎ কৰিব । উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । মনোনয়নৰ পত্ৰৰ প্ৰস্তাৱক হিচাপে আছে বিজেপিৰ অধ্যক্ষ জেপি নড্ডা ,এই চেটত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা সহিতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামো প্ৰস্তাৱক হিচাপে আছে ।

National Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments