ৰাষ্ট্ৰপতি নিৰ্বাচনত Cross Voting ৰ কথা স্বিকাৰ কংগ্ৰেছ নেতা ভুপেন বৰাৰ

17

ৰাষ্ট্ৰপতি নিৰ্বাচনত Cross Voting ৰ কথা স্বিকাৰ কংগ্ৰেছ নেতা ভুপেন বৰাৰ

বিশাল ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে ।
দ্ৰোপদী মুৰ্মুক ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপিয়ে তচনচ কৰি পেলালে বিৰোধী একতাক । বিৰোধীৰ একত্ৰিকৰণ পুনৰ বাৰ মুখ ঠেকেচা খালে ।
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী য়ছবন্ত সিনহাক সমৰ্থন নজনালে ঝাৰখণ্ড মুক্তি মৰ্চা , বিজু জনতা দল শিৱসেনা দলে । য়ছবন্ত সিনহাৰ পৰুবৰ্তে এই দল সমুহে ভোট দিলে দ্ৰোপদীৰ মুৰ্মুৰ পক্ষত ।
বিৰোধী দল সমুহৰ এই ভাঙনৰ ফলত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ জয় অৱশ্যাম্ভী আছিল যদিও , শেহতীয়া ভাৱে ফলাফলত দেখা গল যে কেবাখনো ৰাজ্যত কংগ্ৰেছ দলৰ অধিকাংশ বিধায়কে Cross voting কৰিছে দ্ৰোপদী মুৰ্মুৰ পক্ষত । অসমতো একেই ঘটনা সংঘটিত হৈছে । কংগ্ৰেছ দলৰ কেবাগৰাকীও বিধায়কে ভোটদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ পক্ষত । ২২ টা বিৰোধীৰ ভোট লাভ কৰিছে ৰাষ্টপতি মুৰ্মুৱে ।
শুকুৰবাৰে বিয়লি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ ১৫ ৰ পৰা ১৬ গৰাকী বিধায়কে ভোটদান কৰিছে দ্ৰোপদী মুৰ্মুৰ পক্ষত
অসমত Cross voting ৰ বিযয়টো পোহৰলৈ অহাৰ পিচত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় অসম প্ৰদেশ কংগ্ৰেছত । অৱশেষত দলৰ ভিতৰত যে শৃংখলাৰ অভাৱ ঘটিছে সেয়া শুকুৰবাৰে স্বিকাৰ কৰিলে APCC ৰ সভাপতি ভুপেন বৰাই । ভুপেন বৰাৰ দাবী চাৰিগৰাকী বিধায়কেহে Cross voting কৰিছে ।
ফলাফল ঘোষণাৰ পিচতে বোকা ছটিয়াৰ খেলো আৰম্ভ হৈছে অসমৰ বিৰোধী শিবিৰত । কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই সন্দেহৰ আঙুলি টোৱাইছে AIUDF ৰ ফালে । যদি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ দাবী সত্য হয় , তেন্তে এটা কথা নিশ্চিত ভাৱে কব পাৰি যে কংগ্ৰেছ দল অসমত ইতিহাস হবলৈ আগবাঢ়িছে । এই নিৰ্বাচনে আৰু এক সম্ভাৱনাৰ জন্ম দিলে যে , আগন্তুক দিনবোৰত হয়তো কেবাটাও সমষ্টিত উপনিৰ্বাচন দেখিবলৈ পাব অসমৰ জনতাই ।

News Bureau reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here