ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ উদ্ধৱ ঠাকৰেৰ গুৰুত্বপুৰ্ণ ঘোষণা
১৮ জুলাইত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গুৰুত্বপুৰ্ণ ঘোষণা শিৱসেনাৰ অধ্যক্ষ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্ত্ন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ । বিৰোধী কংগ্ৰেছ , NCP ,তৃণমুল কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী য়ছবন্ত সিনহাই সমৰ্থন লাভৰ বাবে এখনৰ পিচত আন এখন ৰাজ্য ভ্ৰমণ কৰি আছে । এই সময়তে সকলোৰে দৃষ্টি নিবদ্ধ আছিল উদ্ধৱ ঠাকৰেৰ শিৱসেনা ওপৰত । মহাৰাষ্ট্ৰত NCP , কংগ্ৰেছৰে মহা বিকাশ আঘাৰী মিত্ৰজোট গঠন কৰি শিৱসেনাই চৰকাৰ গঠন কৰিছিল । চৰকাৰৰ পৰা অপসাৰিত হলেও বৰ্তমানেও অব্যাহত আছে এই মিত্ৰজোট । প্ৰশ্ন উত্থাপন হৈছিল শিৱসেনাৰ বিধায়ক , সাংসদ সকলে NDA ৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুক সমৰ্থন জনাব নে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী য়ছবন্ত সিনহাক সমৰ্থন জনাব ।
অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল । শিৱসেনাই সমৰ্থন জনাব NDA ৰ সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুক । দ্ৰোপদী মুৰ্মুক সমৰ্থন কৰিব বুলি মঙলবাৰে মুকলি ভাৱে প্ৰকাশ কৰিলে শিৱসেনা প্ৰমুখ উদ্ধৱ ঠাকৰে ।
National Desk , Ne India News