ৰামকৃষ্ণনগৰ থানাৰ সাফল্য ! চুৰি হোৱা পাৱাৰ টিলাৰ সহ আটক ৩ টা চোৰ

7

ৰামকৃষ্ণনগৰ থানাৰ সাফল্য ! চুৰি হোৱা পাৱাৰ টিলাৰ সহ আটক ৩ টা চোৰ

বিগত ২২ জুন তাৰিখে ৰামকৃষ্ণনগৰ থানাৰ অন্তৰ্গত মুকামৰবন্ধ গাওঁ‌ৰ পথাৰৰ পৰা চুৰি হৈছিল এখন পাৱাৰ টিলাৰ । পাৱাৰ টিলাৰৰ গৰাকী নিমাৰ আলীয়ে আগদিনা অৰ্থাৎ ২১ জুন তাৰিখে মাটি চহাই , পথাৰৰ কাম সমাপ্ত কৰি পথাৰতে থৈ আহিছিল পাৱাৰ টিলাৰ খন । ২২ তাৰিখে পথাৰত গৈ দেখে পথাৰৰ পৰা নোহোৱা হৈছে পাৱাৰ টিলাৰ খন ।
তাৰপিচতে নিজাববীয়াকৈ অনুসন্ধান চলাই নিমাৰ আলীয়ে গম পাই যে এখন মেজিক ট্ৰাকেৰে তেওঁ‌ৰ পাৱাৰ টিলাৰ খন চুৰ কৰি লৈ গৈছে চোৰে । গম পাই চোৰ কেইটা নাম । পাৱাৰ টিলাৰ খন চুৰি কৰিছে মোকামৰবন্ধ গাওঁ‌ৰ চামচুল হক , চিনালাল গাওঁ‌ৰ দিলোৱাৰ হুচেইন আৰু আফটাব হুচেইন । তাৰপিচত নিমাৰ আলীয়ে এজাহাৰ দাখিল কৰে ৰামকৃষ্ণনগৰ আৰক্ষী চকীত । এজাহাৰৰ ভিত্তিত তদন্ত চলাই ৰামকৃষ্ণনগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোভজ্যোতি নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে , গাওঁ‌বাসীৰ সহযোগত আটক কৰে তিনি চোৰক । উদ্ধাৰ কৰে চুৰি হোৱা পাৱাৰ টিলাৰখন ।

হীৰক বণিক , ৰামকৃষ্ণনগৰ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here