ৰামকৃষ্ণনগৰ থানাৰ অন্তর্গত শনবিল কালিবাৰী আৰক্ষী আউটপোষ্টৰ বৃহৎ সাফল্য

11

ৰামকৃষ্ণনগৰ থানাৰ অন্তর্গত শনবিল কালিবাৰী আৰক্ষী আউটপোষ্টৰ বৃহৎ সাফল্য

বুধবাৰে নিশা প্ৰায় ১ বজাত কালিবাৰী আৰক্ষী আউটপোষ্টত কর্তৃব্যৰত আৰক্ষীৰ তৎপৰতাত জব্দ অবৈধ চেগুন কাঠ ভৰ্তি AS-24C-9787 নম্বৰৰ এখন বাহন । আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিযয়া নন্দ কুমাৰ সিঙে জনাই যে, আৰক্ষীৰ পেট্রোলিঙৰ সময়ত চেগুন কাঠ বোজাই কৰি অনা গাড়ীখন ৰখাই তালাচী চলাই বিশাল পৰিমাণৰ অবৈধ চেগুন কাঠ জব্দ কৰে। গাড়ীখনৰ চালক বা কাঠৰ মালিক পোৱা নগল গাড়ীৰ ওচৰত । বৃহষ্পতিবাৰে চেগুন কাঠ সহ গাড়ীখন দোহালিয়া ৰেঞ্জৰ বন বিভাগৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে। স্থানীয় লোকৰ মতে দোহালিয়া ফৰেষ্ট ৰেঞ্জৰ অন্তর্গত যি ধৰণে অবৈধ বালি আৰু অবৈধ কাঠ সৰবৰাহ হৈ আছে সেই সমুহৰ বিষয়ে কিয় বনবিভাগ ধৃতৰাষ্ট্রৰ ভুমিকা গ্ৰহণ কৰি আহিছে । এয়া এক বৃহৎ ৰহস্য । প্ৰশ্ন উঠিছে কাঠ মাফিয়া , বালি মাফিয়াৰ সৈতে বনবিভাগৰ কোনো বুজা-বুজি হৈছে নেকি ? ৰাজ্য চৰকাৰ তথা বন মন্ত্রীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া আগন্তুক দিনত লক্ষণীয় হব ।

হিৰক বণিক , ৰামকৃষ্ণনগৰ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here