ৰামকৃষ্ণনগৰ অটো চালক সমিতিৰ পক্ষৰ পৰা বিধায়ক বিজয় মালাকাৰক সম্বৰ্ধনা জ্ঞাপন

14

ৰামকৃষ্ণনগৰ অটো চালক সমিতিৰ পক্ষৰ পৰা ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰক ধন্যবাদ জ্ঞাপন কৰা হয় । চালক সকলে সন্মুখীন হৈ অহা অসুবিধা সন্ধৰ্ভত অটো চালক সকলৰ পক্ষৰ পৰা বিধায়ক মালাকাৰে ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনাইছিল । যানবাহনৰ ফিটনেছৰ জৰিমনা ৫০ টকাৰ পৰা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ কৰিছিল বিধায়কগৰাকীয়ে । বিধায়ক বিজয় মালাকাৰৰ সেই অনুৰোধক গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে ঘোষণা কৰে যে , ফিটনেছ জৰিমণা ৫০ টকাৰ পৰিবর্তে ১০ টকাহে আদায় লোৱা হব । ৰাজ্য চৰকাৰ তথা বিধায়ক বিজয় মালাকাৰৰ এই পদক্ষেপৰ শলাগ লয় অটো চালক সমিতিয়ে । ৰামকৃষ্ণনগৰ অটোৰিক্সা চালক সমিতিৰ তৰফৰ পৰা বিধায়ক বিজয় মালাকাৰক ধন্যবাদ জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে অটো চালক সমিতিয়ে ।

হীৰক বণিক, ৰামকৃষ্ণনগৰ, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here