ৰাফেল যুদ্ধবিমান কেলেংকাৰী। নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী সমদল।

0
748

NE INDIA: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা ৰাফেল যুদ্ধবিমান ক্ৰয় কেলেংকাৰীক লৈ মঙলবাৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিল নগাঁও জিলা কংগ্ৰেছ । অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলা কংগ্ৰেছেও ইয়াৰ প্ৰতিবাদ জনাই ধৰ্ণা প্ৰদান কৰাৰ লগতে এটি প্ৰতিবাদী সমদল উলিয়াই। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নগাঁও জিলা কংগ্ৰেছে দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি নমাই অনা বৃহৎ কেলেংকাৰীটোৰ তদন্তৰ দাবী উত্থাপন কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নগাঁৱৰ তত্বাৱধায়ক কিশোৰ কুমাৰ দত্ত,প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদ,নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা আদিকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

আদিল শ্বাহ নগাঁও  Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here