কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিদ্যানগৰ গাওঁ পঞ্চায়তৰ অন্তর্গত ৫ নং ৱার্ডত অব্যাহত আছে দুর্নীতি । এই অভিযোগ গাওঁবাসীৰ।
৫ নং ৱার্ডৰ ছয় নম্বৰ গাওঁ, শ্রীকৃষ্ণ পুৰ, পশ্চিম মোহনপুৰ, টিপৰা পুঞ্জি গাওঁৰ পথৰ অৱস্থা শোচনীয় । এই গাওঁ সমুহৰ পৰা প্ৰতিদিনে প্রায় চাৰি কিলোমিটার দূৰত্ব অতিক্রম কৰি গাওঁবাসীয়ে বিভিন্ন কৰ্মৰ বাবে আন অঞ্চললৈ যায় । বিশেষকৈ ছাত্র ছাত্রী, গর্ভৱতী মহিলা, শাৰীৰিকভাবে অসুস্থ মানুহ
সেই কেচাঁ পথ অতিক্রম কৰি যাতায়াত কৰে । এই পথেৰে যাতায়াত কৰা লোকসকলে মানিক খালৰ ভঙা দলং ৰ ওপৰেৰে কিছুদিন আগলৈ অহা-যোৱা কৰিছিল যদিও এতিয়া সেই দলং খন সম্পুৰ্ণ ৰুপে ভাঙি গল । মাণিক খালৰ দলং খন সম্পুৰ্ণ ৰুপে ভাঙি যোৱাৰ ফলত দুৰ্ভোগৰ সন্মুখীন হব লগা হৈছে অঞ্চলটোৰ ৰাইজ ।
গাওঁবাসীৰ অভিযোগ গাওঁখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ।গাওঁবাসীয়ে আৰু কয় , বিদ্যানগৰ গাওঁ পঞ্চায়তৰ পাঁচ নং ৱার্ডৰ ৱার্ড সদস্য লালচান ৰায়ে গাওঁখনৰ বহু কেইগৰাকী হিতাধিকাৰীৰ পৰা চৰকাৰী আচঁনি ৰুপায়নৰ নামত উৎকোচ দাবী কৰে । দাবী কৰা অনুযায়ী হিতাধিকাৰীয়ে ধন দিয়াত অসমৰ্থ হলে আচঁনি সমুহৰ পৰা বঞ্চিত হব লগা হয় হিতাধিকাৰী সকল ।
ৰাজ্যৰ মুখ্যমন্ত্রীৰ লগতে ৰাতাবাড়ি বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকৰৰ দৃষ্টি আকর্ষণ কৰি অঞ্চলবাসীয়ে কয়, গাওঁখনত যদি চৰকাৰী আচঁনিৰ বাবে ৱার্ড সদস্যক উৎকোচ দিব লগা হয়, গাওঁ পঞ্চায়তৰ সভাপতিক হাতে ভৰিয়ে ধৰিব লগা হয় তেন্তে আগন্তুক দিন সমুহত গাওঁবাসীয়ে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লব বুলি মন্তব্য কৰে ।
হীৰক বণিক , ৰামকৃষ্ণ নগৰ, Ne India News