Sunday, March 26, 2023
HomeAssameseৰাতাবাৰীৰ শনবিলত কিশোৰীৰ আত্মহত্যা

ৰাতাবাৰীৰ শনবিলত কিশোৰীৰ আত্মহত্যা

মাধ্যমিক পৰীক্ষাৰ ফলাফল হতাশাজনক হোৱাত আত্মহত্যাৰ পথ বাচি নিলে এগৰাকী কিশোৰীয়ে । যাৰ অকাল মৃত্যূক মানি লব নাই পৰিয়াল সহ প্রতিবেশীয়ে ৷ শোকাবহ ঘটনাটো সংঘটিত হৈছে ৰাতাবাড়ি বিধানসভা সমষ্টিৰ শনবিল কালিবাৰী অঞ্চলৰ ডলুগ্রামত ৷
খবৰ অনুসৰি , শনবিল কালীবাৰী বজাৰৰ সমীপৰ গামাৰিয়া গাওঁ‌ পঞ্চায়তৰ সুবোধ বৈষ্ণবৰ জীয়ৰি কল্পিতা বৈষ্ণৱ ১৬ বৰ্ষীয় কিশোৰী ৷ শনবিল কালীবাৰি বজাৰৰ সংলগ্ন সুভাষ হাইস্কুলত পঢ়া শুনা কৰি মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল কল্পিতা ৷ মঙ্গলবাৰে পৰীক্ষাৰ ফলাফল লোৱাৰ উদ্দেশ্যে স্কুললৈ যায় ৷স্কুলত গৈ পৰীক্ষাৰ ফলাফল হতাশাজনক হোৱাত ঘৰলৈ আৰু উভতি নাহিল কিশোৰী গৰাকী ৷
পথত পৰি থকা অবস্থাত প্ৰত্যক্ষ কৰে প্রতিবেশিয়ে৷ এই খবৰ বিয়পি পৰাত ঘটনাস্থলীত উপস্থিত হয় পৰিয়ালৰ লোক ৷ তাৰ পৰা কল্পিতাক উদ্ধাৰ কৰি নিকটৱৰ্তী কালিবাৰি হস্পিটললৈ লৈ যোৱা হয় কল্পিতাক ৷ কীট নাশক সেৱন কৰা বাবে অৱস্থা সঙ্কট জনক হোৱা বুলি জনায় কর্তব্যৰত চিকিৎসকে ৷ কালিবাৰী হস্পিটলৰ চিকিৎসকে শিলচৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰে৷ কিন্তু শেষ ৰক্ষা নহল কিশোৰী গৰাকীৰ ৷ শিলচৰ মেডিকেল কলেজত মৃত্যূৰ সৈতে যুঁ‌জি শেষ পর্যন্ত পৰাজিত হল কল্পিতা৷ বুধবাৰে পুৱা মৃত্যূৰ মুখত পৰে কিশোৰী গৰাকী ৷ মৰণোত্তৰ তদন্তৰ পিচত বুধবাৰে সন্ধ্যা কল্পিতাৰ মৃতদেহ ঘৰলৈ অনা হয়৷ কান্দোনৰ ৰোল উঠে ঘৰখনত ৷ নিশা ৮ বজাত অন্তোষ্টিক্রিয়া সম্পন্ন হয় কল্পিতাৰ ৷

হীৰক বণিক , ৰামকৃষ্ণনগৰ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments