শুকুৰবাৰে তিনিচুকীয়াৰ বৰগুৰি স্থিত মটক যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যলয়ত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মটক জনগোষ্ঠীৰ
আটাইকেইটা সংগঠনৰ লগতে মৰাণ ছাত্ৰ সন্থা , চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত সাংসদ গৰাকীক মটক জনগোষ্ঠীয় গামোচা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এটি প্ৰতিকৃতি মূৰ্তি প্ৰদান কৰে। তিনিচুকীয়াৰ জাতীয় সংগঠন কেইটিৰ মৰম চেনেহ পাই অতি আপ্লুত হোৱা বুলি সংবাদ মাধ্যমক অৱগত কৰে । তেওঁৰ সাংসদ হৈ থকা সময়লৈকে মটক, মৰাণ আৰু সকলো জাতীয় জনগোষ্ঠীয় লোকসকলৰ বাবে সবলভাৱে মাত মাতি যাব বুলি এই সম্বৰ্ধনা অনুষ্ঠানতে উল্লেখ কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News