ৰাজ্যত পুনৰ দুই জেহাদী আটক
ৰাজ্যত অব্যাহত আছে জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। যোৱা ৪৮ ঘন্টাত ১০ জেহাদী গ্ৰেপ্তাৰৰ পিছত পুনৰ ২ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। ১২ টাকৈ জেহাদী গ্ৰেপ্তাৰৰ পিছত তৎপৰ হৈ উঠিছে আৰক্ষী প্রশাসন। আজি শনিবাৰে অসম আৰক্ষীৰ বিশেষ সসঞ্চালক প্ৰধান জি পি সিং পৰিস্থিতিৰ বুজ ল’বলৈ মৰিগাঁওলৈ যাব। গ্ৰেপ্তাৰ হোৱা দুই জেহাদীক জেৰা কৰিব সঞ্চালক প্রধান জি পি সিঙে। অসম আৰক্ষীৰ লগতে NIA য়েও জেহাদীক চলাইছে জেৰা। মৰিগাঁৱত মাদ্ৰাছাৰ পৰাই জেহাদীৰ কাৰ্য-কলাপ চলে বুলি মন্তব্য আৰক্ষীৰ। ইতিমধ্যে বঙাইগাঁও, বৰপেটা, মৰিগাঁও আৰু হাতীগাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে ১২ জেহাদীক। অসমৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি চলাই আহিছিল জেহাদীৰ কাৰ্য-কলাপ, বিশেষকৈ মৰিগাঁৱত মাদ্ৰাছাৰ পৰাই চলি আছে জেহাদীৰ কাৰ্য।
News Desk, Ne India News