ৰাজ্যজুৰি পালন অভিৰুচি ক্ৰীড়া দিৱস

0
1142
NEWS DESK NE INDIA: “মই ভাৰতৰ পৰা বহু বঞ্চিত হ’লো হিমা দাস যাতে বঞ্চিত নহয় ৷এই মন্তব্য অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৷ মহানগৰীৰ অভিৰুচি ক্ৰীড়া দিৱসত অংশ লৈ এই কথাকে সোঁৱৰাই দিলে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷ ১৯৮৪ পৰাই অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰৰ দিনটোক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে ৷ সেই উপলক্ষে ৰাজ্যখনৰ মহানগৰীকে ধৰি বিভিন্ন ঠাইত উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷ গোলাঘাটত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে কমাৰবন্ধালৈ সমূহীয়া দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে SP মানবেন্দ্ৰ দেৱ ৰয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here