ৰবিবাৰৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিবেশন
একনাথ সিন্ধেই মুখ্যমন্ত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই বিধানসভাৰ বিশেষ অধিবেশন অহ্বান কৰিছে । ৩ আৰু ৪ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হব এই অধিবেশন ।
মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ চৰকাৰ গঠন হোৱাৰ পিচতে বিধানসভাৰ অধ্যক্ষৰ নিযুক্তিৰ কুচকাৱাজ আৰম্ভ হৈছে । নম্বৰৰ খেলত ধৰাশায়ী হোৱা মহা বিকাশ অঘাৰী মিত্ৰজোটে অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি সকলোকে আচৰিত কৰিছে । মহা বিকাশ আঘাৰীয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে শিৱসেনাৰ ৰাজন সিলভীক । আনহাতে সিন্ধে গোট আৰু বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপি বিধায়ক ৰাহুল নাৰ্বেকাৰৰ নাম । দুয়োগৰাকী প্ৰাৰ্থীয়ে ৩ জুলাই হব লগা অধ্যক্ষ নিৰ্বাচনৰ বাবে নিজৰ নিজৰ মনোনয়ন দাখিল কৰিছে ।
মহাৰাষ্ট্ৰ বিধানসভাৰ দুদিনীয়া অধিবেশনৰ প্ৰথম দিন অৰ্থাৎ ৩ জুলাই তাৰিখে অনুষ্ঠিত হব বিধানসভা অধ্যক্ষৰ নিৰ্বাচন । আনহাতে বিশেষ অধিবেশনৰ অন্তিম দিন ৪ জুলাইত বিধানসভাত নিজ সংখ্যাগৰিষ্টতা প্ৰমাণ কৰিব মুখ্যমন্ত্ৰী একনাথ সিন্ধেই ।
National Desk , Ne India News