ৰঙিয়া আৰু বালিসত্ৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ

0
982

ৰঙিয়া আৰু বালিসত্ৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ
ৰবিবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা  বালিসত্ৰৰ গোপীনাথ বৰদলৈ সংঘৰ বাকৰিত ত শিপাৰ উদ্যোগত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। শিপা হৈছে এটা এন জি ও।

উক্ত শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে দেহৰ বিষ বিশেষকৈ ভৰি,হাতৰ বিষৰ  বিনামুলীয়াকৈ পৰিক্ষণৰ লগতে চিকিৎসাৰ ব‍্যৱস্থা কৰা হয়।  উক্ত অনুষ্ঠানত 112  গৰাকী ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰ্হণ কৰে বুলি শিপাৰ সভাপতি নিউটন কলিতা আৰু সাধাৰণ সম্পাদক বসন্ত কলিতাই জানিব দিয়ে।

আনহাতে ৰঙিয়া চহৰতো  ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া সংখ্যালঘু মৰ্চাৰ উদ‍্যোগত আৰু গুৱাহাটী জি.এন.আৰ.চি. চিকিৎসালয়ৰ সৌজন‍্যত এক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়।ৰাতিপুৱা ১০ বজাৰ পৰা আবেলিৰ ৩ বজালৈ চলা এই শিবিৰত বহু সংখ্যক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে। এই শিবিৰটোলৈ ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন(স্বতন্ত্ৰ) ৰাজহ আৰু দুযোগ প্ৰসমন(ৰাজ‍্যিক) মন্ত্ৰী শ্ৰীযুত ভবেশ কলিতাই আহি পৰিস্থিতি পৰ্যবেশন কৰি ৰাইজৰ লগত মত বিনিময় কৰে।

(বন্দনা শৰ্মা , ৰঙিয়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here