ৰঙিয়াত অনুষ্টিত হল যুৱ শিবিৰ

0
953

ৰঙিয়াত অনুষ্টিত হল যুৱ শিবিৰ

অহা ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম্ জন্ম জয়ন্তী। দেশৰ অন্যান্য স্থান সমূহৰ লগতে অসমতো গান্ধীৰ বিচাৰ ধাৰাত বিশ্বাসী তথা সেৱা আগবঢ়োৱা ভালেসংখ্যক লোকৰ চেষ্টাৰ ফলত গান্ধীজীৰ ১৫০ তম্ জন্ম জয়ন্তী উদযাপন সমিতিৰ গঠন কৰা হৈছে। সমিতিৰ বিভিন্ন কাৰ্যসুচী ৰ অংশ হিচাপে ৰঙিয়া গ্ৰামস্বৰাজ পৰিষদত ২৮ জুলাই তাৰিখৰ পৰা দুদিনীয়া কৈ যুৱ শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত যুৱ সমাজক গান্ধীৰ জীৱন দৰ্শনৰ ৰ লগত পৰিচয় কৰাবলৈ চেষ্টা কৰা হৈছে।

২৮ জুলাই তাৰিখে অনুষ্টিত হোৱা সভাখনত সভাপতিত্ব কৰে গ্ৰামস্বৰাজ পৰিষদৰ উপদেষ্টা অনন্ত দাসে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰিপুঞ্জয় নাথ(sdo চিভিল মেজিজট্ৰেট)। সভাখনত উত্তৰ পুৰ্বাঞ্চল খাদী গ্ৰমোদ্যোগ মহাসংঘৰ সভাপতি উমেশ চন্দ্ৰ মেধি, বীৰেন্দ্ৰ নাথ বৰদলৈ,কুসুম বৰা মোকাছী প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান‍্য ব্যক্তিৰ লগতে ছাত্র ছাত্ৰী তথা স্থানীয় ৰাইজ ।

(বন্দনা শৰ্মা , ৰঙিয়া Ne india) 

LEAVE A REPLY

Please enter your comment!
Please enter your name here