ৰঙিয়াত “জেল ভৰো ” আন্দোলন

0
744

 

১৯৪২ চনত আজিৰ দিনতেই আৰম্ভ হৈছিল বিখ্যাত ভৰত ছ’ৰ’ আন্দোলনৰ। ইতিহাসৰ পুনৰাবৃত্তি কৰি আজি সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো চি পি আই (এম) ৰ নেতৃত্বত কেইবাটাও সংগঠনে ৰঙিয়াৰ মাজেৰে সমদল উলিয়াই। চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি মিছিলটো ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আৰক্ষীৰ বাধা নেওচি প্ৰবেশ কৰে। তাত বিভিন্ন দাবীৰে বহুসময় ধৰি আন্দোলন কৰি থাকি তেওঁলোকে চৰকাৰী পক্ষক স্মাৰক পত্ৰ প্ৰদান কৰি আৰক্ষী ৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰে।
বিজেপি চৰকাৰক বৃটিছৰ লগত তুলনা কৰি চৰকাৰৰ বিৰুদ্ধে আজি সমগ্র দেশৰ লগতে ৰঙিয়াতো হোৱা জেল ভড়’ আন্দোলনৰ নেতৃত্বত থাকে  চি আই টি ইউ কামৰূপ জিলাৰ সম্পাদক বিবেকানন্দ অধিকাৰী, অসম জনজাতি অধিকাৰ মঞ্চৰ সভাপতি পূৰ্ণ বড়ো, ৰঙিয়াৰ ৭ নং ৱাৰ্ডৰ ৱাৰ্ডকমিচনাৰ শৰৎ কলিতা, চি পি আই(এম)ৰ সক্ৰিয় কৰ্মী বীৰেণ শৰ্মা প্ৰমুখ্যে বহুকেইজন ব‍্যক্তি। প্ৰায় হাজাৰ সংখ্যক ব্যক্তি  স্বতঃস্ফূৰ্ত  ভাবে ৰাজপথলৈ ওলাই আহি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি ১৩ দাবী সন্নিৱিষ্ট আৰু ৬৭৪২ জনৰদ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰ চক্ৰবিষয়া ইমলি বৰুৱাৰ হাতত অৰ্পণ কৰে।
উক্ত কাৰ্য্যসূচীত চি আই টি ইউৰ ৰঙিয়াৰ মধ‍্যহ্ন ভোজন কৰ্মী, আংগনৱাৰী সহায়িকা আৰু কৰ্মী আৰু নিৰ্মাণ শ্ৰমিক সন্থাৰ লগতে এচ এফ আই আৰু অন্যান্য সংগঠনেও অংশগ্ৰহণ কৰে

https://youtu.be/gZPElYyyP48?t=2

(বন্দনা শৰ্মা , ৰঙিয়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here