ৰঙাপাৰাত সুগন্ধি কবি হিৰেণ ভট্টচাৰ্য্যৰ মৃত্যু তিথি উদযাপন
শোণিতপুৰ জিলা কবি সন্মিলন’ৰ সহযোগত, ৰঙাপৰা শাখাৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু তিথি শ্ৰদ্ধাৰে উদযাপন কৰা হয়। অনুষ্ঠান উন্মোচন কৰে শাখাৰ সভাপতি ড০ আৰ কে বেজবৰুৱাই । বন্তি প্ৰজ্বলন কৰে ‘শোণিতপুৰ জিলা কবি সন্মিলন’ৰ সভাপতি শ্ৰী স্বপন মৈত্ৰই। অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠ্যৱ বঢ়ায় – ৰঙাপৰা শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীগোবিন্দ দাস, ৰঙাপৰা নগৰ পালিকাৰ সভাপতি শ্ৰীহৰিসাধন দাস, উপ-সভাপতি শ্ৰীযুতা তৃপ্তি গুহ, শাখাৰ প্ৰচাৰ সম্পাদক শ্ৰীধ্ৰুৱ চন্দ্ৰ দাস, নামনিগাঁও পঞ্চায়তৰ সদস্য শ্ৰীপ্ৰণয় বসুমতাৰী, উদীয়মান সমাজ কৰ্মী শ্ৰীগনেশ বসুমতাৰী, স্থানীয় ব্যক্তি শ্ৰী অজিত সাহা, শ্ৰীমনোজ চৌধুৰী,শ্ৰীদিলীপ দে, শিক্ষয়িত্ৰী শ্ৰীযুতা কেকা ঘোষ আদি অনেক গণ্য মান্য ব্যক্তিয়ে ।
উপস্থিত সকলোৱে হীৰুদাৰ কবিতা পাঠ কৰে। তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ স্মৃতি ৰক্ষাৰ্থে একেলগে কাম কৰাৰ সংকল্পও গ্ৰহণ কৰে। কবিতাক ভাল পোৱা মানুহৰ উপস্থিতিত সন্ধিয়াটো সকলোৱে উপভোগ কৰি কবিজনক সন্মান প্ৰদৰ্শন কৰে।
নিজা প্ৰতিনিধি , তেজপুৰ, Ne India News