৭০০ কিলোমিটাৰ চাইকেল যাত্ৰা

10

৭০০ কিলোমিটাৰ চাইকেল যাত্ৰা

দশম শ্ৰেণীৰ ছাত্ৰৰ দ্বাৰা ৭০০ কিলোমিটাৰ চাইকেল যাত্ৰা। এই যাত্ৰা বঙাইগাঁওৰ পৰা তিনিচুকীয়াৰ শদিয়া লৈকে। ৰাইজক সজাগ কৰিবলৈ ১৫ বছৰীয়া ছাত্ৰ জনে কৰি আছে চাইকেল যাত্ৰা। ১৫ বছৰীয়া এই ছাত্ৰ জনৰ নাম উজ্বল চৌধুৰী। দশম শ্ৰেণীৰ এই ছাত্ৰ জন অসমৰ বঙাইগাঁও জিলাৰ বাসিন্দা। প্লাষ্টিক সামগ্ৰী জনজীৱন তথা পৰিবেশৰ কাৰনে কিমান ক্ষতিকাৰক কথাষাৰ উপলব্ধি কৰি কণিষ্ঠ পৰিৱেশ কৰ্মী উজ্বলে মনত সংকল্প ল’লে প্লাষ্টিক সামগ্ৰী কি দ্বৰে মানৱজাতিৰ লগতে প্ৰাণীকুলৰ ক্ষতি কৰে সেইয়া ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে উজ্বলে বঙাইগাঁওৰ পৰা আৰম্ভ কৰিলে চাইকেল যাত্ৰা। এক সপ্তাহ অতিক্ৰম কৰাৰ পাছত উজ্বল তিনিচুকীয়াত উপস্থিত হোৱাৰ পাছত তিনিচুকীয়াত পৰিৱেশ সুৰক্ষা সমিতি , অসমে উজ্বলক গামোছা পিন্ধাই সম্বৰ্ধনা জনাই তেখেতৰ মহান পৰিৱেশ সুৰক্ষা যাত্ৰাৰ সফল হোৱাৰ বাবে উৎসাহিত কৰে। উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে নিম্নমাণ্ডড প্লাষ্টিক তথা single used প্লাষ্টিক বন্ধ কৰাৰ লগতে ৰাইজৰ মাজত single used প্লাষ্টিক ব্যবহাৰ নকৰিবৰ বাবে2012 চনত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ চাইকেল ৰালী আৰু2015 তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা কাৰ্যসূচীৰ দ্বাৰা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিছিল।আজি উৎসাহিত অনুষ্ঠানত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, মুখ্য সাস্কৃতিক সম্পাদক জিন্টু শইকীয়া, জিলা উপসভাপতি ক্ৰমে চপন দেৱ, ওৱাজিদ খান, জিলা সহকাৰী সম্পাদক বৰুণ দাস উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here