৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰত ভয়াবহ ভুমিস্খলন ! যাতায়াত ব্যাহত
বিগত দুদিন অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ , কুলিয়াঙ আৰু ৰাতাচাৰাত ভুমিস্খলন । বুধবাৰে পুৱা প্ৰায় ৯ বজাত সংঘটিত হোৱা এই ভুমিস্খলনৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে । বিচ্চিন্ন হৈ পৰিছে বৰাক ব্ৰক্ষ্মপুত্ৰ সংযোগ । ভুমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে শ শ যানবাহন ।
সোণাপুৰত প্ৰায় ৪০ মিটাৰ অঞ্চলজুৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি আহিছে পাহাৰৰ শিল মাটি । ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ।
ভুমিস্খলন হোৱা অঞ্চলত দুৰ্ঘটনা গ্ৰস্ত হৈছে বাহন । পথৰ ভঙা অংশৰে সোমাই গৈছে বিলাসী বাহন , মালবাহী ট্ৰাক । ভুমিস্খলন সংঘটিত হোৱাৰ পিচতেই মেঘালয়ৰ গড়কাপ্তানী বিভাগে তৎপৰতাৰে শিল মাটি আতৰোৱাৰ ব্যৱস্থা কৰিছে যদিও , বৰষুণ অব্যাহত থকাৰ বাবে উদ্ধাৰ কাৰ্য্যত পুৰামাত্ৰে সফল হব পৰা নাই । বৰ্তমানেও যাতায়াত স্বাভাৱিক হৈ উঠা নাই পথচোৱাত ।
হিৰক বণিক , ৰামকৃষ্ণনগৰ , Ne India News