৬৮ সংখ্যক National Film Award ৰ ঘোষণা ! সুৰীয়া , অজয় দেৱগনক শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ

8

৬৮ সংখ্যক National Film Award ৰ ঘোষণা ! সুৰীয়া , অজয় দেৱগনক শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ

৬৮ সংখ্যক ৰাষ্ট্ৰীয় ছবিৰ পুৰস্কাৰ সমুহ ঘোষণা কৰা শুকুৰবাৰে । দিল্লীৰ নেচনেল মিডিয়া চেন্টাৰত আয়োজিত এক সংবাদমেলত ২০২১ বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি সমুহৰ পুৰস্কাৰ প্ৰাপ্ত ছবি সমুহৰ নাম ঘোষণা কৰা হয় ।
এই বৰ্ষত তামিল ছবি ‘সুৰৰাই পট্ৰু’ য়ে লাভ কৰিছে শ্ৰেষ্ট ছবিৰ সন্মান । অভিনেতা সুৰিয়া আৰু অজয় দেৱগনে যুটীয়া ভাৱে লাভ কৰিছে শ্ৰেষ্ট অভিনেতাৰ সন্মান । ‘সুৰৰাই পট্ৰুৰ বাবে সুৰিয়াই আৰু ‘টানাজি’ ছবিৰ বাবে অজয় দেৱগনে লাভ কৰিছে এই সন্মান । সুৰৰাই পট্ৰু ছবিৰ বাবে অপৰ্ণা বালামুৰুলিয়ে লাভ কৰিছে শ্ৰেষ্ট অভিনেত্ৰীৰ সন্মান ।
এ কে আয়াপ্পুনুৱাম কোচিয়াম ছবিৰ বাবে শ্ৰেষ্ট পৰিচালক সন্মান লাভ কৰিছে চচিদানন্দন কে আৰে ।
শ্ৰেষ্ট শিশু ছবি , মাৰাঠি ছবি চুমি ।
শ্ৰেষ্ট পৰিবেশ শিতানৰ ছবি টেলেদান্দা ।
সামাজিক সমস্যাৰ ওপৰত নিৰ্মিত ছবিৰ পুৰস্কাৰ ফিউনাৰেল ছবিলৈ ।
শ্ৰেষ্ট্ৰ জনপ্ৰিয় ছবি ‘টানাজি’ ।
পৰিচালকৰ প্ৰথম পৰিচালিত ছবিৰ ইন্দিৰা গান্ধী পুৰস্কাৰ তামিল ছবি ‘মান্দেলা’ লৈ ।
শ্ৰেষ্ট চিত্ৰনাট্য তামিল ছবি সুৰৰাই পট্ৰু আৰু মান্দেলা ।
শ্ৰেষ্ট চিত্ৰগ্ৰহণকাৰী অভিযাত্ৰিক ছবিৰ বাবে সুপ্ৰতীম ভোল ।
শ্ৰেষ্ট গায়িকা এ কে আয়োপ্পাম কোচিয়ামৰ ছবিৰ বাবে গায়িকা নানচাম্মা লৈ ।
শ্ৰেষ্ট গায়কৰ সন্মান মাৰাঠী ছবি মি বসন্ত ৰাও ছবিৰ বাবে গায়ক ৰাহুল দেশপাণ্ডেলৈ ।

National Desk, Ne India news

LEAVE A REPLY

Please enter your comment!
Please enter your name here