৫০ শতাংশলৈ বৃদ্ধি বাছ ভাড়া

0
779

NEWS DESK NE INDIA : পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ জনসাধাৰণক মাধমাৰ দিয়াৰ পৰিকল্পনা হাতত লৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। কিয়নো তেওঁলোকে সিদ্ধান্ত লৈছে বাছ ভাড়া বৃদ্ধি কৰাৰ। এই সূত্ৰে অহা ৩ অক্টোবৰৰ পৰা বাছ  ভাড়া বৃদ্ধি হ’ব ৫০ শতাংশলৈ। উল্লেখযোগ্য যে, এই বাছ ভাড়া মূল্য বৃদ্ধিৰ ফলত গুৱাহাটীৰ চিটিবাছৰ নূন্যতম মূল্য এতিয়াৰ পৰা হব ৭.৫০টকা লগতে মিনি টেক্সিৰ নূন্যতম ভাড়া ১৫ টকা হব বুলি কোৱা হৈছে। সদৌ অসম মটৰ পৰিবহণ সন্থাই দেশৰ লগতে ৰাজ্যত  বৃদ্ধি হোৱা তেলৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে। উল্লেখনীয় বিষয় যে,এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ এতিয়াও কোনো মতামত জাৰি কৰা নাই । যিয়ে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here