৫জন ভাৰতীয়ক অপহৰণ কৰিলে চীনৰ পিএলএ’ই

0
146

৫জন ভাৰতীয়ক অপহৰণ কৰিলে চীনৰ পিএলএ’ই

অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়কে দাবী কৰিছে যে চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিয়ে পাঁচজন ভাৰতীয়ক অপহৰণ কৰিছে।
তেও টুইটত লিখিছে,’’ শ্বকিং নিউজ: আমাৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ পৰা পাঁচজন লোকক চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিয়ে ‘অপহৰণ’ কৰিছে।‘’
জানিব পৰা মতে, তেওঁলোকক অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ উজনি সোৱণশিৰি জিলাৰ অন্তৰ্গত ছেৰা ৭ এলেকাৰ পৰা অপহৰণ কৰা হৈছে।
কংগ্ৰেছ বিধায়কগৰাকীয়ে শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী পেমা খাণ্ডুক টুইট কৰি বিষয়টো অৱগত কৰে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here