৩০ নৱেম্বৰলৈ বৃদ্ধি আনল’ক ৫.০ৰ সময়সীমা

0
122

৩০ নৱেম্বৰলৈ বৃদ্ধি আনল’ক ৫.০ৰ সময়সীমা

৩০ ছেপ্তেম্বৰত গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা আনল’ক ৫.০ ৰ নিৰ্দেশনা সমূহ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে থাকিব আনল’ক ৫.০।

গৃহ মন্ত্ৰ্যালয়ে দিয়া নীতি নিৰ্দেশনা অনুসৰি আনল’ক ৫.০ত পূৰ্বৰ দৰে আন্তৰ্জাতিক বিমান পৰিবহন, খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে চুইমিং পুল, ব্যৱসায়ৰ বাবে প্ৰদৰ্শনী, ৫০% দৰ্শকেৰে চিনেমা হল, প্ৰেক্ষাগৃহ আদি খোলা ৰাখিব পাৰিব।

আনল’ক ৫ৰ নিয়ম সমূহ হ’ল-

কোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয়ভাৱে লকডাউন ঘোষণা কৰিব নোৱাৰে।

অনুমতি বা অনুমোদন নোলোৱাকৈয়ে আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহ কৰিব পাৰিব।

সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানে সামাজিক তথা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here