৩০ জুন এই দিনটোতে কাৰ্গিলত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান কেপ্তেইন জিণ্টু গগৈ 

0
85

৩০ জুন এই দিনটোতে কাৰ্গিলত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান কেপ্তেইন জিণ্টু গগৈ 

৩০ জুন এই দিনটোতে দেশমাতৃৰ বাবে প্ৰাণ দিছিল অসমৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈয়ে।ভাৰতীয় সেনাৰ ১৭ গাড়ৱাল ৰেজিমেণ্টত কৰ্মৰত আছিল জিণ্টু গগৈ। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত জম্মু–কাশ্মীৰত নিয়োগ কৰা হৈছিল গাড়ৱাল ৰেজিমেণ্টক।
১৯৯৯ চনৰ ২৯ জুন এই দিনটোতে কেপ্টেইন জিণ্টু গগৈ আৰু তেওঁৰ বাহিনীক এক মিছনৰ দায়িত্ব দিয়া হৈছিল। অভিযানৰ স্থান ভাৰত–পাকিস্তান নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাতালিক অঞ্চলৰ কালাপথাৰ অঞ্চল। কেপ্টেইন জিণ্টু গগৈৰ নেতৃত্বত দলটো আগবাঢ়িছিল মিছন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে। 
জিণ্টু গগৈৰ নেতৃত্বত দলটো উপস্থিত হৈছিল লক্ষ্যস্থানত। সেই সময়তে শত্ৰুপক্ষই চাৰিওদিশৰ পৰা ঘেৰি ধৰিছিল তেওঁলোকৰ দলটোক। দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলীয়াগুলি। দুই শত্ৰুক গুলীৰে থকা–সৰকা কৰিছিল কেপ্টেইন জিণ্টু গগৈয়ে। শত্ৰুপক্ষৰ গুলীত আঘাতপ্ৰাপ্ত হৈও সাহসেৰে যুঁজি গৈছিল সাহসী বীৰগৰাকীয়ে। অন্তিম মুহূৰ্তলৈ যুঁজি যুঁজি শেষত মৃত্যুৰ সৈতে হাৰ মানিছিল সাহসী বীৰগৰাকীয়ে।
১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই। তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়।
কেপ্তেইন জিন্টু গগৈয়ে কাৰ্গিল যুদ্ধত দেখুওৱা অসাধাৰণ বীৰত্ব আৰু সাহসিকতাৰ বাবে ১৫ আগষ্ট, ১৯৯৯ তাৰিখে ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে “বীৰ চক্র” প্রদান কৰে 
কাৰ্গিল যুদ্ধৰ  বীৰ শ্বহীদ গৰাকীৰ মৃতু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো Ne India News য়ে
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here