২ নবেম্বৰৰ পৰা খোলা হ’ব শিক্ষানুষ্ঠান

0
119

২ নবেম্বৰৰ পৰা খোলা হ’ব শিক্ষানুষ্ঠান

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল।সংবাদমেলত মন্ত্ৰী শৰ্মাই জনাই যে

২ নবেম্বৰৰ পৰা ৰাজ্যত খোলা হ’ব শিক্ষানুষ্ঠানসমূহ।

সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো ২ নবেম্বৰৰ পৰা খোলা হ’ব।

অৱশ্যে হোষ্টেলসমূহো আৰম্ভণিৰ এমাহ বন্ধ থাকিব।

প্ৰয়োজন হ’লে ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব।

ইণ্ডিজিনিয়াৰিং-পলিটেকনিকৰ বাবে অনলাইন ক্লাছো চলি থাকিব।

এটা ক্লাছত ২০-২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।

অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।

আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে ক্লাছ হ’ব।

তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে ক্লাছ কৰিব লাগিব।

পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।লগতে তেওঁ বিদ্যালয়সমূহৰ সন্দৰ্ভত ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান।
ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব।

সদায় দুটা ভাগত ভগোৱা হ’ব বিদ্যালয়ৰ পাঠদান।
আৰু পুৱা ৮.৩০ বজাৰ পৰা খোলা হ’ব বিদ্যালয়সমূহ।
প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা ক্লাছ আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।

প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।

অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে।বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব।
অৰ্থাৎ বাকীবোৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰি দিয়া হ’ব

দুৰ্গাপূজাৰ সময়ত নীতি নিয়ম মানি চলিলে কোভিড-১৯ৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা ব্যক্ত মন্ত্ৰী গৰাকীৰ।
দুৰ্গাপূজাৰ সময়ত ১০ বজাত মণ্ডপ বন্ধ হ’লেও পূজা চলি থাকিব।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here