Home Assamese ২০২৭ চনত ভাৰতে চীনক এটা ক্ষেত্ৰত পিচ পেলাব ! কি এই ক্ষেত্ৰখন...

২০২৭ চনত ভাৰতে চীনক এটা ক্ষেত্ৰত পিচ পেলাব ! কি এই ক্ষেত্ৰখন ???

103

২০২৭ চনত ভাৰতে চীনক এটা ক্ষেত্ৰত পিচ পেলাব ! কি এই ক্ষেত্ৰখন ???

প্ৰতি বছৰে ১১ জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এই দিৱস পালনৰ তাৎপর্য হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যাসমূহৰ দূৰীকৰণ, দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা জনসংখ্যাৰ নিয়ন্ত্ৰণ, আৰু ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা সৃষ্টি। ১৯৮৯ চনত ৰাষ্ট্রসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা পৰিষদে ১১ জুলাইৰ দিনটোতে বিশ্ব জনসংখ্যা দিৱস প্ৰতিষ্ঠা কৰে। বিশ্বৰ অইন অইন ৰাষ্ট্রবোৰৰ দৰে ভাৰতবৰ্ষটো প্ৰত্যেক বছৰে ১১ জুলাইৰ দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত সজাগতা আৰু সচেতনতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰাটো অতিকৈ প্ৰয়োজনীয়। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষ দ্বিতীয় স্থানত। দ্ৰুত গতিত হৈ থকা জনসংখ্যাৰ বৃদ্ধিয়ে ভাৰতক প্ৰথম স্থানলৈ লৈ গৈ আছে। বিশ্বৰ মুঠ মাটিকালিৰ ২.৪℅ মাটিকালি ভাৰতে অধিগ্ৰহন কৰি আছে, ইয়াৰ বিপৰীতে বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.৫℅ লোকে ভাৰতত বসবাস কৰি আছে। ১৯০১ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰে ১০ বছৰৰ অন্তৰে অন্তৰে প্ৰস্তুত কৰা লোকপিয়ল তালিকাসমূহ লক্ষ্লক্ষ্য কৰিলে জনসংখ্যা বৃদ্ধিৰ হাৰ উৰ্ধ্বগামী আৰু নিম্নগামী হোৱা পৰিলক্ষিত হয়। ভাৰতবৰ্ষৰ জনসংখ্যা ১৯৫১ চনৰ পৰা অধিক উৰ্ধ্বগামী হ’বলৈ ধৰিছিল। কিন্তু উল্লেখনীয় যে চলিত বর্ষসমূহত চৰকাৰে হাতত লোৱা বিভিন্ন জন্ম নিয়ন্ত্ৰণ আঁচনি, সজাগতা আৰু সচেতনতা জাৰিকৰণৰ ফলশ্রুতিত ১৯৯১ চনৰ পৰা ২০২১ চনলৈ জনসংখ্যাৰ পৰিমান নিম্নগামী হ’য়। বৃদ্ধিৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে যদিও ইতিপূৰ্বে বাঢ়ি যোৱা জনসংখ্যাই ভাৰতবৰ্ষৰ জনজীৱন ধাৰনত বিস্তৰ প্ৰভাৱ পেলাইছে। আৰু অত্যাধিক পৰিমানে বৃদ্ধি পোৱা জনসংখ্যাৰ শতকৰা হাৰ আগৰ বৰ্ষবোৰৰ তুলনাত কমিছে যদিও অন্য ৰাষ্ট্ৰবোৰৰ তুলনাত এই বৃদ্ধিৰ পৰিমান বৰ্তমানেও বহু। বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যা ১,৩৯৩,৪০৯,০৩৪ জন, ইয়াৰে ২০২১ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩,১২,০৫,৫৭৬ । ৰাষ্ট্ৰসংঘৰ তথ্য ম’তে ২০২৭ চনৰ ভিতৰত ভাৰত চীনক বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাবে অতিক্ৰম কৰাৰ পথত আছে। যিটোৱে ভাৰতবাসীলৈ এক সংকটতৰ সংকেট দিছে। ইয়াৰ ফলস্বৰূপে কৃষি প্ৰধান দেশ ভাৰতবৰ্ষৰ কৃষিভূমি সংকুচিত হোৱাৰ লগতে ভাৰতৰ অৰ্থনীতি শোচনীয় কৰি পেলাব।

News Desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here