১৭ জুনৰ জুম্মাৰ নামাজক লৈ বিশেষ সতৰ্কতামুলক ব্যৱস্থা উত্তৰ প্ৰদেশ আৰক্ষীৰ
বিগত ১০ জুনৰ শুকুৰবৰীয়া নামাজৰ পিচত উপদ্ৰৱকাৰীয়ে সৃষ্টি কৰা আতংকৰ পিচত কঠোৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰ । এইবাৰ জুম্মাৰ নামাজৰ পিচত সৃষ্টি হব পৰা পৰিস্থিতিক লৈ কোনো ধৰণৰ সুযোগ লোৱাৰ মুদত নাই যোগী আদিত্যনাথ চৰকাৰ । ধৰ্মগুৰু সকলক লৈ অনুষ্ঠিত কৰিছে বৈঠকৰ পিচত বৈঠক ।
উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিস্কাৰ মেচেজ ” আপোনালোকে চাহ খাব বিচাৰিলে আমি চাহেৰে আপ্যয়ণ কৰিম , কিন্ত জুম্মাৰ নামাজৰ পিচত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিলে , তাৰ সমিধান আমি বুলডজাৰেৰে দিম ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে পৰিস্কাৰ মেচেজ দিছে । কঠোৰ মেচেজ দিছে মৌলনা সকলক । জুম্মাৰ নামাজৰ পিচত সৃষ্টি হব পৰা কোনো ধৰণৰ আতংকময় পৰিবেশক সহজ ভাৱে নলব আৰক্ষী প্ৰশাসনে । ধৰ্মগুৰুৰে হোৱা বৈঠকত প্ৰশাসনৰ উপদেশ , যিকোনো বিষয় এটা ডাঙি ধৰাৰ এক নীতি বা নিয়ম আছে , আইন আছে । শাসন , প্ৰশাসনে সকলো ওজৰ আপত্তি শুনিবলৈ সাজু আছে । কিন্ত ভুলক্ৰমেও যদি হাতত শিল উঠাই লয় তেতিয়া তাৰ সমাধান চাহৰ ঠাইত বুলডজাৰেৰে কৰা হব । তেতিয়া কিন্ত প্ৰশাসনক দোষাৰোপ কৰিব নোৱাৰিব ।
উত্তৰ প্ৰদেশৰ গোন্দাত অনুষ্ঠিত এক বৈঠকত ধৰ্মগুৰু সকলক পোনপোটিয়া মেচেজ গোন্দাৰ SP য়ে ।
১০ জুনৰ জুম্মাৰ নামাজৰ পিচত উপদ্ৰৱকাৰীয়ে বিভিন্ন অঞ্চলত তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল । বিশেষকৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপদ্ৰৱকাৰীয়ে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল । শিলাবৰ্ষণ কৰিছিল , সংঘৰ্ষৰ পৰিবেশ ৰচনা কৰিছিল , নাবালক শিশুক শিলাবৰ্ষণৰ বাবে প্ৰৰোচিত কৰিছিল । ১০ জুনৰ ঘটনাৰ যাতে ১৭ জুনত পুনৰাবৃত্তি নহয় তাৰ বাবে আৰু অধিক কঠোৰ হৈছে আৰক্ষী । প্ৰয়াগৰাজতে নহয় ৰাজ্যৰ প্ৰতিটো অঞ্চলতে কঠোৰ নজৰ ৰাখিছে আৰক্ষীয়ে । দ্ৰোণ কেমেৰাৰে নজৰ ৰাখিছে কত কত শিল মজুত কৰি ৰখা হৈছে ,কোনবোৰ অঞ্চলত যড়যন্ত ৰচনা কৰা হৈছে । প্ৰয়াগৰাজৰ SSP অজয় কুমাৰৰ কঠোৰ মেচেজ , ১০ জুনৰ পুৰ্বেও ৰাইজক বুজোৱা হৈছিল , কিন্ত সেই বুজনি কামত নাহিল , নামাজ আদায়ৰ পিচত আতংকময় পৰিবেশৰ সুচনা কৰিলে উপদ্ৰৱকাৰীয়ে । কিন্ত আগন্তুক ১৭ জুনতো যদি উপদ্ৰৱকাৰীয়ে এনে পৰিবেশৰ সুচনা কৰে , তেতিয়া কিন্ত লোকচান হব উপদ্ৰৱকাৰীৰে ।
গোন্দা , গাজিয়াবাদত অনুষ্ঠিত Peace কমিটিৰ বৈঠক পিচত মুছলমান ধৰ্মগুৰু সকলে আহ্বান জনাইছে সমাজত শান্তি অটুট ৰখাৰ বাবে ।
উত্তৰ প্ৰদেশৰ আৰক্ষী ফুল এক্সনত । সততে সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই অহা
মৌলনা টৌকীৰ ৰাজালৈ কঠোৰ মেচেজ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । পৰিস্থিতিৰ অৱনতি ঘটাব পৰা কোনোধৰণৰ পদক্ষেপ যাতে টৌকিৰ ৰাজাই গ্ৰহণ নকৰে । উল্লেখ্য যে , ১৭ জুনত বিক্ষোভ প্ৰদৰ্শনৰ আহ্বান জনাইছিল এই গৰাকী তথাকথিত ধৰ্মগুৰু টৌকিৰ ৰাজাই ।
টৌকিৰ ৰাজাক আৰক্ষীৰ কঠোৰ মেচেজ জুম্মাৰ দিনটোত কোনো ধৰণৰ বিক্ষোভ প্ৰদৰ্শন হব নোৱাৰিব । আৰক্ষীয়ে গ্ৰহণ কৰিব লগা এক্সনৰ কথা অৱগত কৰোৱা হৈছে টৌকিৰ ৰাজাক । যদি জুম্মাৰ পিচত পৰিস্থিতিৰ অৱনতি ঘটে , এয়া আইন বিৰোধী হব আৰু উত্তৰ প্ৰদেশত ইয়াৰ চিকিৎসা কি এয়া সকলোৱে জানে ।
আৰক্ষী প্ৰশাসনৰ কঠোৰ মেচেজৰ পিচত সুৰ সলনি হৈছে মৌলানা টৌকিৰ ৰাজাৰ । কালিলৈ বিক্ষোভ প্ৰদৰ্শনৰ ভাবুকি দিয়া , প্ৰদৰ্শনত মহিলা , শিশুক আগবঢ়াই দিয়াৰ ষড়যন্ত্ৰ ৰচা মৌলানা টৌকিৰ ৰজাই এতিয়া নিজকে দেশভক্ত সজোৱাৰ চেষ্টা চলাইছে ।
উত্তৰ প্ৰদেশত এই পৰিবৰ্তন একে দিনতে অহা নাই । মৌলনাসকলৰ সুৰ এনেই সলনি হোৱা নাই । যোগী আদিত্যনাথৰ বুলডজাৰে আতংকৰ সৃষ্টি কৰিছে বিচ্চিন্নতাবাদী শক্তি , সাম্প্ৰদায়িক শক্তি তথা অৰাজক শক্তি সমুহৰ মনত । শেহতীয়া ১০ জুনৰ অভিজ্ঞতা তীক্ততাময় আছিল যদিও , পৰৱৰ্তী সময়ত সৃষ্টি হব পৰা অৰাজক পৰিস্থিতিক আৰু অধিক সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী । আৰক্ষীৰ বুজনি , আৰক্ষীৰ কঠোৰ মেচেজ মৌলনা সকলে কিমান গভীৰ ভাৱে হৃদয়াংগম কৰিছে , ১৭ জুনত এই বুজনি , কঠোৰ মেচেজে কেনেদৰে ক্ৰিয়া কৰে এয়া লক্ষণীয় হব ।
News Desk, Ne India news