Saturday, May 27, 2023
HomeAssamese১৫ বছৰৰ ভিতৰত নিৰ্মাণ হব অখণ্ড ভাৰতঃ মোহন ভাগৱত

১৫ বছৰৰ ভিতৰত নিৰ্মাণ হব অখণ্ড ভাৰতঃ মোহন ভাগৱত

অখণ্ড ভাৰতক লৈ গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়াইছে RSS প্ৰমুখ মোহন ভাগৱতে । হৰিদ্বাৰত অনুষ্ঠিত এক অনুষ্ঠানত মোহন ভাগৱতে কয় ,সনাতন ধৰ্মই হল অখণ্ড ভাৰত । RSS প্ৰমুখ গৰাকীয়ে লগতে কয় , ভাৰত অখণ্ড ভাৰত হিচাপে নিৰ্মাণ হবলৈ যদিও ২০ ৰ পৰা ২৫ বছৰ লাগিব , যদিহে ভাৰতৰ জনতা সজাগ হয় তেন্তে অখণ্ড ভাৰত নিৰ্মাণ কৰিবলৈ আমাক মাথো প্ৰয়োজন হব ১০ ৰ পৰা ১৫ বছৰ । আমি প্ৰয়াস কৰিলে স্বামী বিবেকানন্দ আৰু মহাৰ্ষি অৰবিন্দৰ সপোনৰ অখণ্ড ভাৰত নিৰ্মাণ কৰিবলৈ আমাক প্ৰয়োজন হব ১০ ৰ পৰা ১৫ বছৰ । আমাক কোনেও বাধা দিব নোৱাৰে , বাধা দিবলৈ আহিলে নিজেই ধ্বংস হব ।
মোহন ভাগৱতে কয় , ভাৰত এতিয়া উত্থানৰ দিশে তীব্ৰ গতিৰে আগবাঢ়িছে । উত্থানৰ এই যাত্ৰাত ভাৰত সকলোৱে সংগ দিয়ক । এই যাত্ৰাক বাধাপ্ৰদান নকৰাৰ আহ্বান RSS প্ৰমুখগৰাকীৰ ।
স্বয়ংসেৱক সংঘৰ প্ৰমুখগৰাকীয়ে লগতে কয় , ভাৰতৰ সনাতন ধৰ্মক ধ্বংস কৰিবলৈ বিগত ১ হেজাৰ বছৰ ধৰি চেষ্টা চলাইছিল । সনাতন ধৰ্মক ধ্বংস কৰিবলৈ চেষ্টা চলোৱা সকল ধ্বংস হল ,কিন্ত সনাতন ধৰ্ম বৰ্তমানে অটল হৈ থাকিল ।

National desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments