১৫ দিনৰ পিচত চেতনা ঘুৰাই পাইছে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে
কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অনুগামী সকলৰ বাবে সুখবৰ । বৃহস্পতিবাৰে পুৱা চেতনা ঘুৰাই পাইছে অভিনেতা গৰাকীয়ে । বিগত ১৫ দিন ধৰি AIIMS ত চিকিৎসাধীন হৈ থকা অভিনেতা গৰাকীক পৰ্যবেক্ষণ কৰি আছে চিকিৎসালয়খনৰ চিকিৎসকে ।
অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ PRO অজিত চাক্সেনাই অভিনেতা গৰাকীৰ বৰ্তমান শাৰিৰীক অৱস্থা সন্ধৰ্ভত তথ্য সদৰি কৰি কয় , ৰাজু শ্ৰীবাস্তৱে আজি পুৱা ৮-১০ বজাত চেতনা ঘুৰাই পায় । বিগত দিনত
চিকিৎসালয়খনৰ চিকিৎসকৰ সুত্ৰই প্ৰকাশ কৰিছিল যে , অভিনেতা গৰাকীৰ মগজুৰ তিনিডাল ধমনীৰ , এডাল ধমনী বন্ধ হৈ আছিল । ৰাজুৰ চিকিৎসাৰ বাবে চিকিৎসকে নিউৰোফিজিয়োথেৰাপিৰ সহায় লৈছিল ।
উল্লেখ্য যে , ১০ আগষ্টত এখন হোটেলৰ ব্যায়ামগাৰত ব্যায়াম কৰি থকা অৱস্থাত বুকুৰ বিষ অনুভৱ কৰে অভিনেতা গৰাকীয়ে । তাৰপিচতে ব্যায়াম কৰি থকা ট্ৰেডমিলৰ পৰা মাটিত বাগৰি পৰি অচেতন হৈ পৰে ৰাজু শ্ৰীবাস্তৱ । লগে লগে ব্যায়ামগাৰৰ প্ৰশিক্ষকৰ সহযোগত অভিনেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
Entertainment Desk, Ne India News