হ্ৰাস হ’ব পেঞ্চনাৰৰ অসুবিধা! পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মুখ্যমন্ত্রীৰ

10

হ্ৰাস হ’ব পেঞ্চনাৰৰ অসুবিধা! পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মুখ্যমন্ত্রীৰ

আজি শুক্ৰবাৰে ৰাজ্যৰ ২৭ খন জিলাত মুকলি কৰা হ’ল পেঞ্চন সেৱা কেন্দ্ৰ। পেঞ্চনাৰ সকলক ন্যায় প্ৰধান কৰাৰ লক্ষ্যৰে আৰু জীৱনত অধিক সেৱাৰ মনোভাৱেৰে কৰ্ম কৰি যোৱা চৰকাৰী কৰ্মী সকলে পেঞ্চন লাভৰ ক্ষেত্রত সন্মুখীন হোৱা অসুবিধা, কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ। ইয়াৰে গুৱাহাটীস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এমট্ৰনৰ দ্বাৰা স্থাপিত কামৰূপ (মেট্ৰ’) জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে। অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন/আপলোড কৰাৰ সুবিধাৰ বাবে এমট্ৰনে এই পেঞ্চন সেৱা কেন্দ্ৰটি স্থাপন কৰিছে। পেঞ্চনাৰসকলে নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব আৰু এই সেৱাই পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত কৰি তুলিছে।
কামৰূপ (মেট্ৰ’) জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে উপস্থিত থাকে বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু উপায়ুক্ত পল্লৱ গোপাল ঝা।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here