হোজাইত ঠগ প্ৰৱঞ্চনাৰ বলি একাংশ দৰিদ্ৰ মহিলা ৷

0
1256
NE INDIA: ঠগ প্ৰৱঞ্চকৰে টকা ঘটিবলৈ গৈ ৰঙা ঘৰৰ আলহী হয় বহুজন ৷ তথাপিও শিক্ষা নলয় একাংশই ৷ এইবাৰ ঠগ প্ৰৱঞ্চনাৰ বলি হ’ল লংকাৰ কাকী গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ মহিলা। ২ নং কাকীৰ লুলু শইকীয়া নামৰ প্ৰৱঞ্চকটোৱে চাকৰি দিয়াৰ প্ৰলোভনেৰে দৰিদ্ৰ মহিলাৰপৰা কে’বা লক্ষাধিক টকা আত্মসাৎ কৰে ৷ হোজাই জিলাৰ লংকাৰ কাকী গ্ৰামাঞ্চলৰ একাংশ অতি দৰিদ্ৰ মহিলাক বিভিন্ন প্ৰলোভনেৰে চাকৰি দিম বুলি প্ৰলোভিত কৰা এইজন প্ৰৱঞ্চকৰ চৰম প্ৰৱঞ্চনাৰ বলি হৈ মহিলাসকলে উপায়ন্তৰত আৰক্ষীৰ সহায় লবলগীয়া হয়গৈ। মহিলাসকলৰ এজাহাৰৰ ভিত্তিত কাকী আৰক্ষী থানাত উপস্থিত হৈ এইসকল দৰিদ্ৰ মহিলাৰপৰা ধন লোৱাৰ কথা স্বীকাৰ কৰিলে আৰু হোজাইৰ উপ-আৰক্ষী অধীক্ষক ভনীতা নাথৰ ওচৰত দহদিনৰ ভিতৰত সমূহ ধন আদায় দিম বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে এইজন তথাকথিত বিজেপি নেতা লুলু শইকীয়াই।ধৃত প্ৰৱঞ্চকজনে “বুনিয়াদী মাতৃ এচ’ছিয়েচন,অসম” নামৰ এটি সংস্থাৰ জৰিয়তে এইসকল মহিলাক স্থানীয় বিদ্যালয় সমূহত প্ৰাক্ – প্ৰাথমিক শ্ৰেণীৰ কণ -কণ ছাত্ৰ-ছাত্ৰীসকলক চোৱাচিতাৰ ক্ষেত্ৰত শিক্ষয়ত্ৰী হিচাপে নিয়োজিত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ অন্যহাতে ১৫/১৬ বছৰ পূৰ্বেই এইসকল অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ পৰা আভুৱাৰে ধন লৈ বিভিন্ন আশ্বাসেৰে চাকৰি হ’ব বুলি দিন পিচুৱাই নি আছিল লুলু শইকীয়াই ।ইফালে এইসকল মহিলাৰ অধিকাংশয়েই মেট্ৰিক অনুৰ্ত্তীণ।এই মহিলা সকলৰ যোগ্যতাক লৈয়ো প্ৰশ্ন উঠিচে যদিও কিহৰ লালসাত প্ৰৱঞ্চক লুলু শকীয়াই  চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিলে সেয়াও এক ৰহস্য।উল্লেখ্য যে,এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে  জানিব বিচৰাত সাংবাদিকক অত্যন্ত বেয়া তথা অশ্লীল শব্দ প্ৰয়োগ কৰে লুলু শইকীয়াই। বৰ্তমান নিজকে এজন বিজেপি নেতা বুলিও দাম্ভিক মৰাৰ লগতে স্থানীয় বিধায়ক শীবু মিশ্ৰৰে সু- সৰ্ম্পক আছে বুলি জহাই ফুৰে এইজন ঠগ-প্ৰৱঞ্চকে ৷এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠি আহিছে যদিও সুচতুৰ লুলু শইকীয়াই সুৰুঙাৰে সাৰি আহি পুনৰ প্ৰৱঞ্চনাৰ জাল পেলাই অসহায় দৰিদ্ৰ লোকক প্ৰৱঞ্চিত কৰি আহিছে ৷ 
মনজ্যোতি মুদৈ  হোজাই NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here