হেঙেৰাবাৰী উদ্যানত স্থাপন হ’ব উ:পূ ৰ ৰাজ্যসমূহৰ ৭গৰাকী মহান স্বাধীনতা সেনানীৰ প্ৰতিমূৰ্তি
দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ১৭১ নম্বৰ বুথৰ দ্বাৰা পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত জীয়াজুৰি ভৱনত সম্প্ৰচাৰিত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মন্ত্ৰ সাৰোগত কৰি হেঙেৰাবাৰী উদ্যানত স্থাপন কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ সাতভনী ৰাজ্যসমূহৰ ৭গৰাকী মহান স্বাধীনতা সেনানীৰ প্ৰতিমূৰ্তি৷
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী পালনৰ বাবে ১৩ৰ পৰা ১৫ আগষ্টলৈ বাসগৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ । এই কাৰ্যসূচীত আত্মসহায়ক গোটৰ দ্বাৰা ৰাজ্যত ১৮ লাখ পতাকা নিৰ্মাণ কৰাৰ লগতে ইতিমধ্যে ৯ লাখ পতাকা বিক্ৰী হৈছে বুলি উল্লেখ মুখ্যমন্ত্রীৰ। এইবাৰ ৭৫ তম স্বাধীনতা দিৱসত অমৃত বৃক্ষ, অমৃত সৰোবৰৰ জৰিয়তে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে আৰু ইয়ে ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ৷ ৩১ জুলাইৰ মন কী বাত অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে উপস্থিত থাকে বিধায়ক অতুল বৰা, বিজেপিৰ ৰাজধানী মণ্ডলৰ সভাপতি মদন হাজৰিকা, ১৭১ নম্বৰ বুথৰ সভাপতি শ্ৰীৰুবুল গোস্বামী প্ৰমুখ্যে দলৰ বিষয়-ববীয়াসকল।
News Desk, Ne India News