হিমাৰ পৰিয়ালক উপহাৰ দিলে শুকুলা ঘোৰা

0
1250

NE INDIA: কন্যা হিমা দাসে ফিনলেণ্ডত সোণৰ পদক  পোৱাৰ পিছৰে পৰা বিভিন্ন জনে উপহাৰেৰে উপচায় পেলাইছে।কিন্ত দেওবাৰে উপহাৰ হিচাপে পালে এটা শুকুলা ঘোৰা। ধিঙৰ সন্মিলিত সেনানীঅন্য এটা সংগঠন  আৰু ইউটাৰ্ৰণ নামৰ সংগঠনে উপহাৰ হিচাপে দিলে এটা শুকুলা ঘোৰা ৷ হিমা এটা অক্লান্ত  ঘোৰাৰ দৰে আগুৱাই গৈ থকা  বাবেই দেওবাৰে এটা শুকুলা ঘোৰা উপহাৰ  দিলে সংগঠন দুটাই।হিমাক অনুপ্ৰানীত কৰিবৰ বাবেই প্ৰদান কৰা হ’ল শুকুলা  ঘোৰা ৷ হিমাই   অলিম্পিকত  সোনৰ পদক পোৱাৰ  আশাৰে এই ব্যতিক্ৰমী উপহাৰ দিলে । এই ব্যতিক্ৰমী উপহাৰ লাভ কৰি হিমাৰ পৰিয়ালে লাভ কৰিলে অফুৰন্ত আননদ  ৷ যি জনী হিমাই এসময়ত ৰাস্তাৰে যোৱা ঘোৰা গাড়ী ৰখাই  নিজে চলাইছিল ঘোৰা  গাড়ী ৷ আজি  হিমাৰ বাবে যেন ৰৈ আছে শুকুলা ঘোৰাটো। ঘোৰাটো হিমাৰ পৰিয়াল বৰ্গই আদৰেৰে গ্ৰহন কৰি সংগঠন কেইটাক ধন্যবাদ দিয়ে আৰু আশা কৰে যেন হিমাই এইবাৰ অলিম্পিকত বিজয়ী হৈ বিশ্বত নাম জিলিকাই তুলিব ৷সেয়েহে ঘোৰাতকৈ বেচি বেগাই দৌৰি যেন বিজয়ী হব পাৰে তাৰ বাবে সকলোৰে আশীষ বিচাৰে  ৷

https://youtu.be/LGs2e8PpLVM?t=1

আদিল শ্বাহ নগাঁও,NE INDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here