Tuesday, March 28, 2023
HomeAssameseহিমাচলৰ কুল্লুত ভয়ানক দুৰ্ঘটনা ! স্কুলীয়া ছাত্ৰ সহ মৃত্যু ৯ গৰাকী লোক

হিমাচলৰ কুল্লুত ভয়ানক দুৰ্ঘটনা ! স্কুলীয়া ছাত্ৰ সহ মৃত্যু ৯ গৰাকী লোক

হিমাচলৰ কুল্লুত ভয়ানক দুৰ্ঘটনা ! স্কুলীয়া ছাত্ৰ সহ মৃত্যু ৯ গৰাকী লোক

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ চেঞ্জ উপত্যকাত সংঘটিত হৈছে ভয়াবহ দুৰ্ঘটনা । শেঞ্চৰ পৰা চেঞ্চৰ দিশলৈ অহা এখন ব্যক্তিগত বাছ জংগলা গাওঁ‌ৰ খাৱৈত পৰি যায় । পুৱা প্ৰায় ৮-৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৪০ গৰাকী স্কুলীয়া ছাত্ৰ আছিল । দুৰ্ঘটনাটোত স্কুলীয়া ছাত্ৰ সহ ৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে । আহত হৈছে কেবাগৰাকীও লোক ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় কুল্লু জিলাৰ উপায়ুক্ত আশুতোষ গৰ্গ । ঘটনাস্থলীত উপস্থিত থাকি উপায়ুক্ত গৰাকী উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে ।
ইতিমধ্যে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় । টুইটাৰৰ যোগেৰে প্ৰকাশ কৰা শোকবাৰ্তাত প্ৰধানামন্ত্ৰীয়ে শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জনায় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্ঘটনাটোত নিহত ব্যক্তি সকলৰ পৰিয়াললৈ প্ৰধানামন্ত্ৰীৰ পুঁ‌জিৰ পৰা দুই দুই লাখ টকাৰ ধনৰাশি ঘোষণা কৰিছে ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments